ধেমাজিঃ ৰাজ্য কপাঁই যোৱা ডিব্ৰুগড়ৰ লেপেটকটাত সংঘটিত হোৱা মইনা নায়কৰ কাণ্ডৰ মাৰ নাযাওঁতেই এইবাৰ মইনা নায়কৰ সদৃশ অনুৰুপ ঘটনা সংঘটিত হ’ল ধেমাজি হাবুং টি এণ্ড ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেডত।

দেওবাৰে নিশা হাবুং টি এণ্ড ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেডত কৰ্মৰত ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত হিলৈপৰা গাঁৱৰ ফণীধৰ কলিতা নামৰ শ্ৰমিক গৰাকীয়ে ফেক্টৰীত কাম কৰি থকাৰ অৱস্হাত আকস্মিকভাৱে মেচিনত সোমাই পৰে বাওঁভৰিখন ৷ শ্ৰমিক গৰাকীৰ চিৎকাৰত মেচিনটো বন্ধ কৰি দিয়া হয় যদিও দুর্ভাগ্যবশতঃ ভাৱে শ্ৰমিক জনৰ বাওঁভৰিখন ক্ষতবিক্ষত হৈ পৰে৷ পৰৱৰ্তী সময়ত ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসকে প্ৰেৰণ কৰে৷ ইপিনে শ্ৰমিক ফণীধৰ কলিতাই চিৰজীৱনৰ বাবে হেৰুৱাবলগীয়া হয় নিজৰ বাওঁভৰিখন৷ বৰ্তমান ফণীধৰ কলিতা চিকিৎসাধীন হৈ আছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ৷


এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ফণীধৰ কলিতাৰ পৰিয়ালত৷ শ্ৰমিকৰ প্ৰতি যে কৰ্তৃপক্ষৰ কোনো গুৰুত্ব নাই এই ঘটনাই যেন পুনৰ প্ৰমাণিত কৰিছে।
স্থানীয় লোকৰ ভাষ্য অনুসৰি জানিব পৰা গৈছে যে উক্ত হাবুং টি এণ্ড ইণ্ডাষ্ট্ৰীজ প্ৰাইভেট লিমিটেডত শিশু শ্ৰমিক নিয়োগ কৰি ৰাখিছে কৰ্তৃপক্ষই। আনহাতে ফেক্টৰীতো শ্ৰমিকসকলৰ নিৰাপত্তাৰ বাবে নাই কোনো যাৱতীয় ব্যৱস্থা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply