মনোজ শইকীয়া, ধেমাজিঃ ধেমাজিস্থিত মিচিং আগম কেবাংৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সভাকক্ষত “MISING AGOM PYIRLOD”(মিচিং ভাষা শিক্ষণ)পাঠ্যপুথি উন্মোচন কৰা হয়। ২০২২ৰ ছমহীয়া মিচিং ভাষা পৰীক্ষাৰ্থীৰ সহায়ক হোৱাকৈ মিচিং ভাষা শিক্ষণ পাঠ্যপুথি উন্মোচন কৰে।

এই পাঠ্যপুথিখন উন্মোচন কৰে মিচিং আগম কেবাংৰ সভাপতি গোবিন্দ টাইডে । গ্ৰন্থখন মিচিং ভাষা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ বাবে উপকৃত হোৱাকৈ পৰীক্ষা নিয়ন্ত্ৰণ বৰ্ডৰ সদস্য সচিব ড° সুৰজিৎ দলেয়ে প্ৰণয়ন কৰি পৰীক্ষাৰ্থীসকলক উপকৃত হোৱাকৈ অতি কম সময়ৰ ভিতৰতে উপহাৰ হিচাপে আগবঢ়াই দিয়ে।

সভাত সাহিত্য কাণ্ডাৰী টাবুৰাম টাইডক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সদ্য প্ৰয়াত মিচিং আগম কেবাংৰ সদস্য গোবিন দলেৰ আত্মাৰ সদগতিৰ বাবেও মৌন প্ৰাৰ্থনা জনোৱা হয়৷ সভাত ধেমাজি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বুধিনন্দ্ৰ বৰুৱাকে আদি কৰি একলব্য গাম ইন্দ্ৰজিত গাম, য়কচা কুলি আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকি উন্মোচনী সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply