ধেমাজিঃ ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ গ্ৰাহকৰ অজ্ঞাতে ধন হৰলুকী।
জানিব পৰা মতে ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাত বিন্দেশ্বৰ শইকীয়া নামৰ লোকজনে নিজৰ একাউন্টৰ পৰা যোৱা ০৫/০৫/২০২১ তাৰিখে ৫০হাজাৰ টকা উলিয়াই আনে ।
ঠিক একে সময়তে বেংকৰ কেছিয়াৰে তেওঁৰ একাউন্টৰ পৰা ৪৫ হাজাৰ টকা গোপনভাবে নিজৰ পাছবুকৰ একাউন্টলৈ হস্তান্তৰ কৰে ।
পৰৱৰ্তী সময়ত ব্যক্তিজনে যোৱা ৭/১০/২০২১ তাৰিখে বেংকত টকা উলিয়াবলৈ গৈ একাউণ্ট টকা নথকাত বেংক ষ্টেটমেন্ট উলিওৱাত ঘটনাটো পোহৰলৈ আহে ।
লগতে পঢ়কঃলাওখোৱা সুঁতিত অবৈধভাৱে মাছ ধৰা কাৰ্যক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া
উল্লেখযোগ্য যে ইয়াৰ আগতেও ০১/০১/২০২১ তাৰিখেও একেজন ব্যক্তিয়ে ৩৫ হাজাৰ টকা তেওঁ নিজা একাউন্টলৈ গোপনে হস্তান্তৰ কৰিছিল ।
এতিয়া কথা হল বেংকত গ্ৰাহকে অতি কষ্টৰে উপাজন কৰা সাঁচতীয়া ধন কেইটা সচাঁই নিৰাপদ নে??
গ্ৰাহকে কি বিশ্বাসত বেংকত নিজৰ সাচতীয়া ধন কেইটা জমা ৰাখিব। উক্ত বেংক কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা লব সেইয়া হ’ব লক্ষ্যনীয় বিষয় ।