তেলৰ টেংকাৰ জ্বলি ভস্মীভূত

ধেমাজী: শনিবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত ধেমাজিৰ চিচিবৰগাঁও চাৰিআলিত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । ডিব্ৰুগড়ৰ দিশৰ পৰা AS01/BC1788 নম্বৰৰ তেল কঢ়িয়াই অনা এখন টেংকাৰে নিয়ন্ত্ৰণ হেৰুৱাই চিচিবৰগাঁও চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে |

ফলত দাওদাওকৈ ৰাজপথত জ্বলি উঠে টেংকাৰখন । জুই ইমানেই ভয়ানক আছিল যে নিমিষতে বিয়পি গৈ ভস্মীভূত কৰে কুৰিখনতকৈও অধিক দোকান । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী উপস্থিত হয় আৰু ঘন্টা ঘন্টা সময়জোৰা প্ৰচেষ্টাৰ পিছত জুই নুমুৱাবলৈ সক্ষম হয় ।

আজি পুৱাতেই দোকানৰ গৰাকী সকলে ছাঁইৰ মাজতে নিজৰ সম্পত্তিৰ সন্ধানত নামি পৰিছে । লাখ লাখ টকাৰ সা_ সামগ্ৰী জ্বলি ছাঁই হোৱাত আবেগিক হৈ পৰিছে দোকানৰ গৰাকী সকল।
অগ্নিকাণ্ড সংঘঠিত হোৱাৰ মাজতে সংৰক্ষিত এখন শিৱ মন্দিৰৰ কোনো ধৰনৰ ক্ষয় ক্ষতি হোৱা দেখা নগ’ল ।

লগতে পঢ়কঃ ধেমাজি ভাৰতীয় ষ্টেট বেংকে গোপনে গ্ৰাহকৰ ধন হৰলুকী

আনহাতে টেংকাৰখনৰ চালক আৰু হেণ্ডিমেন দুজন ঘটনা সংঘটিত হোৱাৰ পিছতেই পলায়ন কৰাৰ সন্দেহ কৰিছে ৰাইজে । অগ্নিকাণ্ডৰ ফলত লাখ লাখ টকাৰ ক্ষয়-ক্ষতি হৈছে বুলি জানিব পৰা গৈছে । চৰকাৰক উচিত ক্ষতি পূৰন দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে । ঘটনাস্থলী স্থানীয় সাংসদ প্ৰদান বৰুৱাই পৰিদৰ্শন কৰি ঘটনাৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্থ পৰিয়াল সমূহৰ সৈতেও আলোচনাত মিলিত হয় |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply