ধেমাজিঃ ‘নাইকীয়া গৰুকে বাঘে খায়, ভঙা ঘৰকে ধুমুহাই পায়’ উক্ত বাক্যশাৰীৰ দৰেই উত্তৰ ধেমাজি লাইপুলিয়া গাঁৱৰ এটি দুখীয়া পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা! জীৱিকাৰ সন্ধানত প্ৰায় ডেৰ বছৰ পূৰ্বে লাইপুলিয়া পবিত্ৰ দলেৰ পুত্ৰ ক্ষীৰোদ দলে নিজ পত্নী সন্তানক এৰি থৈ বহিঃৰাজ্য হায়দৰাবাদত সুৰক্ষা গাৰ্ড হিচাপে কৰ্মৰত হৈ পৰিয়াল পোহপাল দি আছিল৷ বিধিৰ কি যে বিড়ম্বনা! ক্ষীৰোদ দলেৰ জীৱনলৈ হঠাতে আহিল জটিল ৰোগৰ এক অশুভ সংবাদ৷ ৩৫ বছৰীয়া ক্ষীৰোদ দলেৰ দুয়োটা বৃক্ক বিকল হৈ বৰ্তমান অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ অবিহনে শয্যাগত অৱস্থাত বিচনাত পৰি ক্ষণ গণিছে৷

উজনি অসমৰ উন্নত চিকিৎসা হিচাপে সকলোৰে ভৰসা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত এমাহ ধৰি চিকিৎসাধীন হৈ আছিল যদিও কোনো সুফল নোপোৱাত চিন্তিত হৈ পৰিছে দুখীয়া পৰিয়ালটি৷ উন্নত চিকিৎসাৰ সহায় বিচাৰি সকলো অসমবাসী ৰাইজৰ আৰ্থিক সাহাৰ্য্য বিচাৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰাৰ্থনা জনাইছে অসহায় দুখীয়া পৰিয়ালটিয়ে৷

ক্ষীৰোদ দলেৰ চিকিৎসাৰ বাবে হৃদয়বান ৰাইজক পঞ্জাৱ নেশ্যনেল বেংকৰ একাউন্ট নং 0749010466530,আই,এফ,এছ,চি PUNB0047920,ধেমাজি শাখালৈ অৰ্থ সাহাৰ্য আগবঢ়াই উপকৃত কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালটিয়ে৷ কোনো সদাশয় ব্যক্তিয়ে
7896624627/6001458950/9746185488 এই ফোন নম্বৰতো পৰিয়ালটিৰ লগত যোগাযোগ কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply