ধেমাজি, মনোজ শইকীয়াঃ প্ৰগতিশীল শ্ৰীমন্ত শঙ্কৰদেৱে সংঘ, অসমৰ যষ্ঠদশ দ্বিবাৰ্ষিক অধিবেশন আৰু নাম সমাৰোহৰ ব্যাপক প্ৰস্তুতি। অহা ১৯ আৰু ২০ জুন, ২০২২ তাৰিখে ধেমাজি জিলাৰ আতিথ্যত প্ৰগতিশীল শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ যষ্ঠদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশন আৰু নাম সমাৰোহ ভাগ দুদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলা বৰদলনিৰ বৃদ্ধ পেঞ্চন ভৱন ও ৰোহিত সাবিত্ৰী প্ৰেক্ষাগৃহ লিটিল গড মডেল স্কুলৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰিছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত, গুৰু জনা গীত-বাদ্য-নৃত্যৰ আখৰাৰ আৰম্ভ কৰিছে। উক্ত অনুষ্ঠানত সমুহ ভক্তপ্ৰাণ ৰাইজক এই কাৰ্যসূচীত অংশগ্ৰহণৰ একান্তৰে কামনা কৰিছে উদযাপন সমিতিয়ে।

দ্বিতীয় দিনা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ও শুভা যাত্ৰাৰ লগতে সন্ধিয়া ভাগলৈ যতীন বৰা দেৱৰ পৰিচালনাৰে মহিলা সকলৰ দ্বাৰা পৰিৱেশন হ’ব ভাওনা নাট- পাৰিজাত হৰণ। সমুহ ভক্ত প্ৰাণ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply