ধেমাজিঃ ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসক ডাক্তৰ বিজু বৰুৱা আৰু তেখেতৰ গাড়ী চালকৰ গ্ৰেপ্তাৰৰ দাবীত অনশনত বহিল অসম জাতীয়তাবাদী যুৱ পৰিষদ। যোৱা ছয় তাৰিখে ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসকে তেখেতৰ গাড়ী চালকক ৰোগীক চিকিৎসা কৰিবলৈ দিয়া ঘটনাই জিলাখনৰ দল সংগঠন, সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। চিকিৎসকৰ গাড়ী চালকে ধেমাজি অসামৰিক চিকিৎসালয়ৰ ২২ নম্বৰৰ কোঠাত ৰোগীয়া যুৱতীক চোৱা চিতা কৰি প্ৰেচক্ৰিপচনত আলট্ৰাচাউণ্ড কৰিবলৈ লিখি দিয়া আজৱ কাণ্ডৰ ঘটনাই ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলাৰ স্পষ্ট স্বৰূপ পোহৰলৈ আহিছে।

সমগ্ৰ ঘটনাৰ বিষয়ে তদন্ত কৰি দুখীক উচিত শাস্তি প্ৰদান কৰিবলৈ অসম জাতীয়তাবাদী যুৱ পৰিষদে জিলা উপায়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত লৈকে চিকিৎসক আৰু গাড়ী চালকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল। ঘটনাটো সাত দিন পাৰ হৈ যোৱা পাছতো জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত যোৱা দহ তাৰিখৰ পৰাই অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিয়ে ৰাজহুৱা মুণ্ডন কাৰ্য্যসূচী, স্বাস্থ্য মন্ত্ৰী আৰু ধেমাজি জিলা বিধায়ক ৰণোজ পেগু প্ৰতিকৃতি দাহ কৰাৰ লগতে শুকুৰবাৰে ৰাতিপুৱা ন বজাৰ পৰা গধূলি ন বজালৈ মুঠ ১২ ঘণ্টীয়া কাৰ্য্যসূচীৰে উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ডাক্তৰ বিজু বৰুৱাৰ আৰু তেখেতৰ গাড়ী চালকৰ গ্ৰেপ্তাৰ দাবীৰে অনশনত বহে।

অনশনৰ মজিয়াৰ পৰাই অসম জাতীয়তাবাদী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্বল কোমাৰ চুতীয়া জনায় যে গধূলি ন বজালৈ বিধায়ক ৰণোজ পেগু, জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ডাক্তৰ বিজু বৰুৱা আৰু তেখেতৰ গাড়ী চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু কেন্দ্ৰীয় সমিতিৰ সৈতে এখনি আলোচনা কৰি ৰোগীৰ জীৱনৰ সৈতে হেতালী খেলা চিকিৎসক আৰু চালকৰ বিৰুদ্ধে আগন্তুক দিনত ভয়ংকৰ প্ৰতিবাদৰ বাবে সাজু হ’ব বুলি সকিয়নী দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply