ধেমাজিঃ ধেমাজি মহকুমা অন্তৰ্গত গাওঁ পঞ্চায়তসমুহত হৈ থকা দুৰ্নীতি অনিয়ম বন্ধ কৰা দাবীত ধেমাজিত আছুৰ অৱস্থান ধৰ্মঘট।

ধেমাজি সদৰত ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি মহকুমাৰ অন্তৰ্গত গাওঁ পঞ্চায়তৰ বিভিন্ন আঁচনিসমূহত হৈ থকা দুৰ্নীতি অনিয়ম বন্ধ কৰাৰ দাবীত অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। জিলা মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত সকলো আঞ্চলিকৰ পৰা প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰে। প্ৰতিবাদত ৬০ উৰ্দ্ধৰ আইতাইও চৰকাৰী গৃহৰ পৰা বঞ্চিত হোৱাত সহযোগ কৰিলে অৱস্থান ধৰ্মঘটত।


উল্লেখ্য যে, ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ প্ৰায় সমূহ পঞ্চায়ততে PMAY-G,জল জীৱন আদিকে বহু আঁচনিত দুৰ্নীতি অনিয়ম সংঘটিত হৈ আহিছে , এই দূৰ্নীতি অনিয়ম সমূহ বন্ধ কৰি উচিত হিতাধিকাৰীক আঁচনি সমূহ দিয়া দাবীত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰে প্ৰতিবাদ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply