ধেমাজিৰ পৰা পৰা অংকুৰ নৰহঃ ধেমাজি জিলাৰ অগ্ৰণী মহাবিদ্যালয়সমূহৰ ভিতৰত অন্যতম ধেমাজি বাণিজ্য মহাবিদ্যালয়। গৌৰৱ উজ্বল মহাবিদ্যালয়খনৰ পৰা প্ৰতি বছৰে বহুতো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে জিলাখনলৈ পূৰ্বে সুনাম কঢ়িয়াই আনিছে। কিন্তু পৰিতাপৰ বিষয় এই যে মহাবিদ্যালয়খনত ২০১৪ চনৰ পৰা আজি পৰ্যন্ত এজন স্থায়ী অধ্যক্ষ নোহোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল।


ধেমাজি বাণিজ্য মহাবিদ্যালয়খনত ২০১৪ চনৰ পৰা স্থায়ী অধ্যক্ষ নাছিল যদিও ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে শ্ৰদ্ধাৰ দেৱ কুমাৰ চুতীয়া দেৱে মহাবিদ্যালয়খনি সুচাৰুৰূপে পৰিচালনা কৰি আহিছিল। কিছুদিনৰ পূৰ্বে তেওঁ অৱসৰ গ্ৰহণ কৰা পিছত পুনৰ এজন জ্যেষ্ঠ প্ৰবক্তাক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হয় যদিওঁ মহাবিদ্যালয়খনৰ ভিতৰ চৰাত চলি থকা বিশৃঙ্খলৰ বাবে নৱ নিযুক্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীও বৰ্তমান নাই।

মহাবিদ্যালয়খনত স্থায়ী অধ্যক্ষৰ অবিহনেই বিগত ৮ বছৰে পাঠদান অব্যাহত ৰাখিছে শেহতীয়াকৈ এজন ভাৰপ্ৰাপ্ত অধ্যক্ষ নোহোৱাত মহাবিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন সমস্যাত পৰিছে। মহাবিদ্যালয়খনত শৈক্ষিক পৰিৱেশ নোহোৱা হোৱাৰ লগতে বিভিন্ন সমস্যাই দেখা দিছে। প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ভাষ্য অনুসৰি বৰ্তমানলৈকে শিক্ষাৰ্থীয়ে লাভ কৰা নাই কোনো ধৰণৰ প্ৰমাণ পত্ৰ অথবা ৰ্মাকচিট। শিক্ষাৰ্থীসকলৰ জীৱন অন্ধকাৰ নকৰিবলৈ, মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ঘুৰাই আনিবলৈ আজি এই অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী দ্বাৰা চৰকাৰক স্থায়ী অধ্যক্ষ নিযুক্তি প্ৰদান কৰিবলৈ দাবী জনোৱা লগতে জিলা অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে শিক্ষামন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ খনি ধেমাজি জিলাৰ উপায়ুক্তৰ হৈ ধেমাজি ৰাজহ চক্ৰ বিষয়াই প্ৰতিবাদকাৰী নেতৃত্বৰ পৰা গ্ৰহণ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply