ধেমাজিঃ ধেমাজি এছ এফ এছ স্কুলৰ উদ্যোগত শুকুৰবাৰৰ পৰা ১০ এপ্ৰিললৈকে তিনিদিনীয়াকৈ বিদ্যালয়ৰ প্ৰাংগণত চতুৰ্থ আন্তঃবিদ্যালয় টাইকাণ্ডো চেম্পিয়নশ্বিপ-২০২২ আৰম্ভ হৈছে ৷ শুকুৰবাৰে পুৱা ৯ বজাত অতিথিসকলক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে মিউজিক বেণ্ডপাৰ্টিয়ে আদৰণি জনায়৷ ধেমাজি এছ এফ এছ স্কুলৰ প্ৰিন্সিপাল ফাদাৰ ভিন্টু আগৰ্ষ্টটিনে শুভাৰম্ভণিৰ আগমূহূৰ্তত অতিথিসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

তাৰ পিছত বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰে ডিব্ৰুগড়ৰ এম এছ এফ এছৰ প্ৰভিনচিয়েল কাউন্সিলৰ ফাদাৰ থমচনে৷ শুভাৰম্ভণিৰ মূহূৰ্তত ফাদাৰ থমচনে বক্তব্যত এনে অনুষ্ঠান আয়োজন কৰা বাবে উদ্যোক্তাসকলক ভূয়সী প্ৰশংসা কৰি বৰ্তমান সময়ত এনেধৰণৰ টাইকাণ্ডো বিদ্যা থাকিলে ছাত্ৰ-ছাত্ৰী অথবা যুৱক-যুৱতীৰ প্ৰত্যেকেই বিপদৰ সময়ত আত্মৰক্ষাৰ বাবে সদায় সুৰক্ষা অনুভৱ কৰিব বুলি উল্লেখ কৰে৷

উদ্যোক্তা সকলে আয়োজন কৰা এই চেম্পিয়নশ্বিপে বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে যথেষ্ট উপকাৰ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ উদ্ধোধনী অনুষ্ঠানৰ প্ৰতিযোগিতাৰ প্ৰথম খেলখনি প্ৰতিযোগী সকলক শুভেচ্ছা জনাই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে ধেমাজি জিলা পৰিষদৰ সভাপতি মহন গগৈয়ে৷

শুভাৰম্ভণি অনুষ্ঠানত অতিথি হিচাপে ধেমাজি জিলা টাইকাণ্ডো এছোচিয়েশ্বনৰ উপদেষ্টা তথা পশ্চিম ধেমাজি কলেজৰ অধ্যক্ষ ললিত দিহিঙীয়া , জিলা টাইকাণ্ডো এছোচিয়েশ্বনৰ কাৰ্য্যকৰী সভাপতি ডাঃ দিগন্ত ভাগৱতী , ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক যতীন বুঢ়াগোঁহাই, চিলাপথাৰ ডনবক্স স্কুলৰ প্ৰিন্সিপাল ফাদাৰ আগৰ্ষ্টটিন যছেপ , গোগামুখ খাইছকিং স্কুলৰ প্ৰিন্সিপাল ফাদাৰ বিজু কানিচেৰে , টেলেম এচ এফ স্কুলৰ প্ৰিন্সিপাল ফাদাৰ চিবাই মেথিউ, চিলাপথাৰ এচ এফ এচ চি বি এচ ই স্কুলৰ প্ৰিন্সিপাল ফাদাৰ জবিন মেথিউ , এচ এফ এচ স্কুলৰ জ্যেষ্ঠ ষ্টাফ ফাদাৰ বিপিন জৰ্জ , ধেমাজি এচ এফ এচ স্কুলৰ মেনেজাৰ ফাৰ্দাৰ ফিলিপকে ধৰি বহুকেইগৰাকীয়ে উপস্থিত থাকে।

তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা টাইকাণ্ডো চেম্পিয়নচিপত ৯ খন জিলাৰ বিদ্যালয় সমূহৰ মুঠ ৫১৭ গৰাকী প্ৰতিযোগীয়ে এতিয়ালৈকে অংশগ্ৰহণৰ বাবে নাম ভৰ্তি কৰিছে৷ শুকুৰবাৰে প্ৰথম দিনাই ২০৭ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে এই চেম্পিয়নশ্বিপত৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply