ধেমাজি, মনোজ শইকীয়াঃ ৰিপুন বৰাৰ নেতৃত্বত অসমত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতি গঠন কৰাৰ পিছত ধেমাজিত আজি দলটোৱে আহি তৃণমূল কংগ্ৰেছে জিলা সমিতি গঠন কৰিবলৈ কংগ্ৰেছ দলৰ পৰা বহু কৰ্মীক আজি তৃণমূল কংগ্ৰেছত যোগদান কৰায়৷ উক্ত সভাত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ও সাংসদ কীৰ্তি আজাদ আৰু ৰাজ্যিক নেতৃ শিখা শৰ্মাৰ লগতে বহুতো বিষয়ববীয়াই অংশ লয়৷
উক্ত সভাতে মন্ত্ৰী ডঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী হিমন্ত ডাঃ বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভাষণ দিয়া হয়। শিখা শৰ্মাৰ মন্তব্য কৰে যে, মিচিং স্বায়ত্ব শাষিত পৰিষদৰ বিৰুদ্ধে এসময়ত আন্দোলন কৰি টকা ঘটিলে ৰণোজ পেগুৱে৷ নদী বান্ধ আন্দোলনৰ পৰা টকা লৈ ৰাজনীতিলৈ আহিল মন্ত্ৰী ৰণোজ পেগু।