ধেমাজিঃ অসমৰ অন্যতম জনগোষ্ঠীয় ভূমি পুত্ৰ মিচিং সকলৰ মেৰুদন্দ স্বৰূপ Takam mising porin kebang ৰ আজি ৫০ তম প্ৰতিষ্ঠা দিৱস।
শদিয়াৰ পৰা বুৰৈ বুৰলি লৈ মিচিং অধ্যোষিত প্ৰতিখন গাঁৱৰ লগতে ধেমাজিৰ প্ৰত্যেকখন TMPK আঞ্চলিক সমিতিৰ অধীনৰ প্ৰতিখন গাঁও, TMPK ধেমাজি নগৰ সমিতিয়ে অনুস্থুপীয়াকৈ সুচাৰুৰূপে প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰে।
লগতে পঢ়কঃঅসম মেঘালয় সীমান্তৰ দীঘলবিলত মহিলাক ধৰ্ষণ
TMPK কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মিগাং সুমেশ্বৰ কপ্তাক আৰু দৃৰবৌ কেবাঙৰ সদস্য মিগাং য়কছা কুলি দেৱৰ উপস্থিতিত পতাকা উত্তোলন কাৰ্য্যসূচীত আঁত ধৰে TMPK নগৰ সমিতিৰ সম্পাদক মিগাং ঘনকান্ত টায়ে আৰু পতাকা উত্তোলন কৰে TMPK ধেমাজি নগৰ সমিতিৰ সভাপতি মিগাং ৰাহুল নৰহে।
পতাকা উত্তোলনৰে আৰম্ভ কৰা কাৰ্যসূচীত ,স্মৃতি ৰ্তপন, সাংগঠনিক দিশৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা আৰু কণ কণ শিশু সকলৰ মাজত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।