YouTube video

চৰাইদেউঃকৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা আংশিক লক ডাউনৰ ফলত জুৰুলা হৈ পৰিছে আৰ্থিক ভাৱে দুৰ্বল বহু লোক। উপাৰ্জনো সীমিত হৈ পৰিছে বহু লোকৰ। যাৰ ফলত ডেৰমাহে শয্যাগত হৈ পৰা নিজৰ পত্নীৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰ তথা জনসাধাৰণৰ সহায় বিচাৰিছে মাহমৰা সমষ্টিৰ এগৰাকী ব্যক্তিয়ে।

চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচাংপানী গাঁও পঞ্চায়তৰ ধেমাজি বিল গাঁৱৰ নিবাসী পুতুল মহনৰ পত্নী জুনুমনি মহনক এতিয়া প্ৰয়োজন হৈছে কিছু সহায়ৰ।

বৃক্ক, হাওঁফাওঁ আৰু যকৃতৰ ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈ ডেৰমাহ ধৰি শয্যাগত হৈ আছে জুনুমনি মহন।

আৰু পঢ়কঃমানকাচৰত অব্যাহত আছে ভু মাফিয়াৰ দপদপনি

১২ এপ্ৰিলৰ পৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল যদিও অৰ্থৰ অভাৱত এতিয়া ঘৰতে বিচনাত পৰি থাকিব লগীয়া হৈছে।

উন্নত চিকিৎসাৰ অভাৱৰ বাবে মহিলা গৰাকীৰ কঁকালৰপৰা তলৰ অংশ সম্পূৰ্ণ অক্ষম হৈ পৰিছে। ইফালে আংশিক লক ডাউনৰ পৰিপ্ৰেক্ষিতত মহিলা গৰাকীৰ স্বামী পুতুল মহনৰ উপাৰ্জনৰ পথো বন্ধ হৈ পৰাত এতিয়া বিপাঙত পৰিছে পৰিয়ালটো।

বাঁহ-বেতৰ কাঠিৰ কাম কৰি লাভ কৰা উপাৰ্জনেৰে পৰিয়ালটোক পোহপাল দিয়া পুতুল মহনে সেয়েহে পত্নীৰ চিকিৎসাৰ বাবে চৰকাৰ তথা জনসাধাৰণৰ সহায় বিচাৰি আহ্বান জনাইছে।

ইচ্ছুক হৃদয়বান লোকসকলে সহায়ৰ হাত আগবঢ়াবলৈ বিচাৰিলে ভাৰতীয় ষ্টেট বেংকৰ মৰাণ শাখাৰ একাউণ্ট নম্বৰ 39829976890 ত (IFSC : SBIN0015287) ত আৰ্থিক সহায় কৰিব পাৰিব। সবিশেষ তথ্যৰ বাবে 7896103341 নম্বৰটো যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply