কোৰোনা মহামাৰীৰ সংক্ৰমণৰ মাজতে ধেমাজীত আন এক কৰুণ ঘটনাই অঞ্চলটোত শোকৰ ছা পৰিছে ।
ধেমাজি সদৰ থানাৰ অন্তৰ্গত বঙালমাৰি মিচিং গাওঁৰ দুই ছাত্ৰৰ কৰুণ মৃত্যু হয় ।
ছাত্ৰ দুজনে পথাৰত ধান চাবলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল। সেই সময়তে ওচৰতে থকা লেচিয়া নদীত জাল পাতিবলৈ বুলি নামিছিল ।
আৰু তেনে সময়তে ওপৰৰ পৰা মাটি খহি হেঁচা মাৰি ধৰাত যুবক দুজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । মৃত্যু হোৱা ছাত্ৰ দুজনৰ নাম নিখিল কুম্বাং আৰু ৰঞ্জু কুম্বাং ।
ঘটনা স্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে।
আৰু পঢ়ক শিক্ষা বিভাগৰ সকলো খালী পদ পূৰণৰ বাবে বিশেষ নিযুক্তি কমিটি