ধেমাজি ভেহপৰাত ৭২ বছৰীয়া বৃদ্ধক যৌন অতিশয্য চলোৱা অভিযোগ প্ৰশান্ত বৰা নামৰ এজন লম্পট যুৱকৰ বিৰুদ্ধে। ধেমাজি পাভৈ বাৰত কৰ্মৰত প্ৰশান্ত বৰা নামৰ লম্পটে সংঘটিত কৰিলে এনে এক লজ্জাজনক কাণ্ড।
ঘটনাৰ সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি যোৱা ২০ মাৰ্চৰ পুৱা ৪.৩০ বজাত প্ৰতিদিনৰ দৰে প্ৰাতভ্ৰমন কৰিবলৈ বুলি ওলায় গৈ থকা অৱস্থাত লম্পট প্ৰশান্ত বৰাই হাতত ধৰি বলপূৰ্বক ভাৱে টানি নি উলংগ কৰি যৌন অতিশয্য চলোৱা লগতে ডিঙিত, মুখত শোপা মাৰি হত্যাৰ চেষ্টা চলাই বুলি আৰক্ষীক এজাহাৰ দাখিল কৰিছে।
ঘটনাৰ পিছতেই এই সন্দৰ্ভত ধেমাজি সদৰ আৰক্ষী থানাত এজাৰৰ দাখিল কৰে যদি আজি চাৰিটা দিন পাৰ হোৱা পিছতো লম্পট প্ৰশান্ত বৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত ভুক্তভোগীৰ লগতে পৰিয়াল বৰ্গই সংবাদ মাধ্যমৰ আগত ন্যায় দিবলৈ আহ্বান জনায়।
এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ ধেমাজি আৰক্ষী অধীক্ষকলৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্বল কুমাৰ চুতীয়াই স্মাৰক পত্ৰ প্ৰদান কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।