নিউজ ডেস্কঃ ২৭ মাৰ্চত অনুষ্ঠিত হ’ব লগা অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব লগা সমষ্টি সমূহৰ লগতে কাষৰীয়া অঞ্চলসমূহটো চৰকাৰে ‘ড্ৰাই ডে’ ঘোষণা কৰিছে।
নিৰ্বাচনৰ এই সময়খিনিত যাতে কতো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ২৬ মাৰ্চ আৰু ২৭ মাৰ্চ এই দুটা দিন ‘ড্ৰাই ডে’ হিচাপে ঘোষণা কৰিছে।
আৰু পঢ়কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ অসমৰ ৰাইজলৈ ভিডিঅ’ বাৰ্তা
শুকুৰবাৰে ধেমাজীত আৰক্ষী আৰু আবকাৰী বিভাগে অভিযান চলাই জব্দ কৰে ১২৬ বটল বিলাতী সুৰা বহুপৰিমাণৰ বিয়েৰ , চুলাই মদ। গোগামুখ আৰু নৰুৱাথাত অভিযান চলাই জব্দ কৰে সুৰাখিনি।
ইফালে শিৱসাগৰৰ আমগুৰিত অবৈধ সুৰা সৰবৰাহক লৈ সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ।
দোপদৰ লোণপুৰীয়াত অগপৰ পতাকা থকা এখন হোণ্ডাই গাড়ীত ৬ কাৰ্টন বিলাতী সুৰা স্থানীয় লোকে জব্দ কৰাৰ পিছতে সৃষ্টি হয় এনে পৰিস্থিতিৰ।
আৰু পঢ়কঃ দুদিনীয়া ভ্ৰমণ সূচীলৈ বাংলাদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
ভোটাৰৰ মাজত বিলাবলৈকে অগপ কৰ্মীয়ে অবৈধভাৱে সুৰা সৰবৰাহ কৰাৰ অভিযোগ তুলি স্থানীয় একাংশ লোকে আনকি ক্ষতিসাধন কৰে বাহনখনৰো।
ইপিনে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীকো সুৰাসহ বাহনখন লৈ যোৱাত বাধা দিয়ে স্থানীয় লোকে। পিছত অৱশ্যে দণ্ডাধীশ উপস্থিত হোৱাত আৰক্ষীয়ে জব্দ কৰে সুৰাসহ বাহনখন।