ধিংঃ ধিং বজাৰত অঘটন। চলন্ত ই-ৰিক্সাৰ ওপৰত বাগৰি পৰিল গছৰ প্ৰকাণ্ড ডাল।

দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় ই-ৰিক্সা চালকজনৰ লগতে যাত্ৰীজন।

স্থানীয় ৰাইজে দুয়োকে উদ্ধাৰ কৰি হস্পিতাললৈ প্ৰেৰণ কৰে।

আৰু পঢ়কঃক’ভিড টেষ্ট নকৰাকৈয়ে জাগীৰোড ৰে’লেৱ ষ্টেচনৰ পৰা পলায়ন প্ৰায় ৪ শতাধিক ৰে’লযাত্ৰী

চালকজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

চালকজন চমুৱা গাঁৱৰ শংকৰ চক্ৰৱৰ্তী আনহাতে যাত্ৰী জনৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ই-ৰিক্সাখন ধিং বজাৰৰ পৰা চমুৱা গাওঁ অভিমুখে গৈ আছিল। এই দুৰ্ঘটনাটো নগাওঁ-ধিং সংযোগী গড়কাপ্তানী পথৰ কাষৰ জগন্নাথ মন্দিৰৰ সন্মুখত সংঘটিত হয়।

আনহাতে পথৰ ওপৰত প্ৰকাণ্ড গছৰ ডালটো পৰি থকা কাৰণে যাতায়ত ব্য়ৱস্থা ব্য়াহত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply