নগাঁও: নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত বেচামাৰীৰ লালিপথাৰত আজি মাটি-বাৰীক কেন্দ্ৰৰ কৰি ভাতৃয়ে হত্যা কৰিলে নিজ ভাতৃক। জানিব পৰা মতে, লালিপথাৰৰ ইছাক আলীৰ দুই পুত্ৰ ক্ৰমে ইদ্ৰিছ আলী আৰু মোবাৰক হুছেইনৰ মাজত দীৰ্ঘদিন ধৰি ৫ বিঘা ভূমিক লৈ চলি আছিল বিবাদ।
ইদ্ৰিছ আলীয়ে আজি হাতত তৰোৱাল লৈ মোবাৰক হুছেইনৰ গৃহত উপস্থিত হৈ বিচাৰি ফুৰে মোবাৰক হুছেইনক। প্ৰাণৰ ভয়ত পলাবলৈ চেষ্টা কৰে যদিও ইদ্ৰিছ আলীয়ে তৰুৱালেৰে ডিঙি আৰু হাতত ঘপিয়াই নিজ ভাতৃ মোবাৰক হুছেইনক হত্যা কৰি চতুৰ ফল দোকানী ইদ্ৰিছ আলীয়ে ধিং থানাত আত্মসমৰ্পণ কৰে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।