গুৱাহাটীঃ ভাৰতৰ সৰ্ববৃহৎ male pageant Rubaru Mr. India 2022ত ফাইনেলত প্ৰৱেশ কৰিছে গুৱাহাটীৰ ধৃতিমান তালুকদাৰে। এই বছৰৰ অক্টোবৰত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ ফাইনেল। এইটো সঁচাকৈয়ে অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত কিয়নো গুৱাহাটীৰ ধৃতিমান তালুকদাৰে ভাৰতৰ সৰ্ববৃহৎ পুৰুষ প্ৰতিযোগিতাৰ বঁটা ৰুবাৰু মিষ্টাৰ ইণ্ডিয়া ২০২২ খিতাপ আনিবলৈ সাজু হৈছে যিহেতু তেওঁ এই বছৰৰ লগীয়া অনুষ্ঠানটোৰ ফাইনেলিষ্টত প্ৰৱেশ কৰিছে।

৩২ বছৰীয়া ধৃতিমান এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধি। এই সন্দৰ্ভত ধৃতিমানে কয় যে ভাৰতৰ আটাইতকৈ বৃহৎ পুৰুষৰ সৌন্দৰ্য্য প্ৰতিযোগিতা Rubaru Mr. India 2022ত অসমক প্ৰতিনিধিত্ব কৰি নিজকে সৌভাগ্যৱান অনুভৱ কৰিছে। ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা একমাত্ৰ প্ৰতিনিধি হোৱাৰ বাবে তেওঁৰ ওপৰত এক বৃহৎ দায়িত্ব আছে, কিন্তু তেওঁ আশাবাদী যে তেওঁ নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰি ৪ বছৰৰ পিছত এই খিতাপটো পুনৰ ঘূৰাই আনিব।

মডেলিঙৰ লগতে ধৃতিমান বৰ্তমান PayPalৰ risk operations analyst হিচাপে কৰ্মৰত। ধৃতিমান computer science and engineeringৰ স্নাতক আৰু business administrationত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

তেওঁ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি male pageant “12th Malestorm, 2021”ৰ বিজয়ী আছিল।

উল্লেখ্য যে, Rubaru Mr. India 2022 ৰ ফাইনেল প্ৰতিযোগিতাখন ৫ অক্টোবৰ, ২০২২ তাৰিখে ক্ৰাউন প্লাজা চেন্নাই আদিয়াৰ পাৰ্ক হোটেলত অনুষ্ঠিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply