ধুবুৰীঃ ধুবুৰীত নিশা ৱেব পৰ্টেলৰ সাংবাদিকক এনকাউন্টাৰ। ধুবুৰী আৰক্ষীৰ এনকাউন্টাৰত আহত হয় ৱেব পৰ্টেলৰ সাংবাদিক বাহাৰুল ইছলাম। এটা গুলীচালনাৰ ঘটনাৰ লগত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাংবাদিকজনক। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে। ভৰিত গুলী লাগি আহত হয় সাংবাদিক বাহাৰুল ইছলাম। বৰ্তমান বাহাৰুল ইছলাম ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
লগতে পঢ়কঃবদৰপুৰত শোকাবহ পথ দুৰ্ঘটনা:নিহত দুজন
উল্লেখ্য যে, ধুবুৰীৰ খেৰবাৰীত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাৰ মূল অভিযুক্ত আছিল বাহাৰুল।মঙলবাৰে নিশা ধন দাবী কৰি বাহাৰুলৰ লগতে এটা দুৰ্বৃত্তৰ দলে প্ৰাক্তন আলফা নেতা সুভাষ বৰ্মনক গুলীয়াইছিল। হাতত গুলী লাগি গুৰুতৰভাৱে আহত হৈছিল সুভাষ বৰ্মন।