ধুবুৰী : নামনি অসমৰ ধুবুৰীত আৰক্ষীৰ গুলী চালনা। ধুবুৰী আৰক্ষীৰ গুলীত অহাত হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলী চালনা কৰে।

শনিবাৰে নিশা ধুবুৰী আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাইছিল। ধুবুৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ছহিদুৰ ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী জালত পৰিছিল।

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী ছহিদুৰ ইছলামক গ্ৰেপ্তাৰ কৰাৰ পিছতে এজন আৰক্ষীৰ লোকক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে ছহিদুৰ ইছলামক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলী ছহিদুৰ ইছলামৰ ভৰিত লগাত আৰক্ষীয়ে আটক কৰে ছহিদুৰ ইছলাম।

লগতে পঢ়ক  : হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ৮ জনকৈ লোক

ছহিদুৰ ইছলামক আহত অৱস্থাত আটক কৰি আৰক্ষীয়ে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। জানিব পৰা মতে ছহিদুৰ ইছলাম ড্ৰাগছৰ লগত গৰুৰ চোৰাং বেহাৰ লগতো জড়িত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply