ধুবুৰী: ৰাজ্যত নিতৌ ধৰ্ষণৰ ঘটনা ঘটিবলৈ লোৱা কাৰ্যক লৈ সমাজ ব্যৱস্থা যে স্খলীত হৈছে সেই ঘটনাকেই পোহৰলৈ আহিছে।
শেহতীয়াকৈ জানিব পৰা মতে, ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত হাৰকাটা মুছলিম পাৰাত নিশা ঘৰত স্বামী নথকাৰ সুযোগ গ্ৰহণ কৰি একেখন গাঁওৰে মাইনুল হক নামৰ লম্পটে তিনি সন্তানৰ মাতৃক মুখত সোপা দি ধৰ্ষণ কৰে।
ঘৰৰ দুৱাৰ ভাঙি মহিলা গৰাকীক বলপূৰ্বকভাৱে উপৰ্যুপৰি নিৰ্যাতন চলোৱা অৱস্থাত মহিলাগৰাকীৰ চিঞৰ-বাখৰ কৰাত প্ৰতিবেশীয়ে লম্পট মাইনুল হকক হাতে-লোটে ধৰিবলৈ সক্ষম হয়।
এই ঘটনা সন্দৰ্ভত হোৱা ৰাইজমেলত লম্পটটোৱে নিজৰ দোষ স্বীকাৰ কৰি মহিলাগৰাকীক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি বিবাহৰ বাবে তিনিমাহ সময় বিচাৰে।
লগতে পঢ়কঃডিম্পলে চিগাৰেট খোৱাৰ বাবে আশিক গুপ্তাই হত্যা কৰিলে ডিম্পলক
ৰাইজৰ পৰা অনুমতি পোৱাৰ পিছত লম্পট মাইনুল হকে যোৱা তিনি মাহৰ সময়ত ধাৰাবাহিক ভাবে ধৰ্ষণ কৰি অহা বুলিও ভুক্তভোগী মহিলা গৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে।
এতিয়া তিনি মাহ সময় উকলি যোৱাৰ পাছত অসহায় মহিলাগৰাকীয়ে আকৌ সমাজৰ মুৰব্বীৰ কাষ চাপে যদিও তেওলোকেও কোনো গুৰুত্ব নিদিয়াত মহিলা গৰাকীয়ে শালকোচা আৰক্ষী চকীত এটা গোচৰ দাখিল কৰে।
ইতিমধ্যে শালকোচা আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত 406/21/U/S-376 IPC গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে। ভুক্তভোগী মহিলাগৰাকীয়ে মাইনুল হকক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ দাবী জনায়।
চৰ- চাপৰি অঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়ৰ সমাজ ব্যৱস্থাত এনেবোৰ কাৰ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়াৰ ফলতেই প্ৰকৃত ন্যায়ৰ পৰা বঞ্চিত হৈ আছে ভুক্তভোগী। বিশেষকৈ অশিক্ষিত লোকসকলক সমাজৰ মুখীয়াসকলে হেঁচা মাৰি ধৰাৰ বাবেই বহু ঘটনা পোহৰলৈ নহাকৈয়েই অন্ত পৰে।