নিউজ ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দিয়া মিৰ্জাই অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হেলিকপ্টাৰ পৰ্যটনৰ বিৰোধিতা কৰিছে।
কিছুদিন পূৰ্বে কাজিৰঙাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হৈছিল।
বৈঠকতে পৰ্যটকৰ সুবিধাৰ বাবে স্থায়ী হ’ব হেলিপেড স্থাপনৰ সিদ্ধান্ত লৈছিল চৰকাৰে।
পিছে অভিনেত্ৰী গৰাকীয়ে হেলিকপ্টাৰ পৰ্যটনৰ বিৰোধিতা কৰি সোমবাৰে টুইট যোগে অসম চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভলৈ হেলিকপ্টাৰ পৰ্যটনৰ প্ৰচাৰ কৰাৰ পৰিকল্পনা এটা বাতৰিৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
তেওঁ লিখে, ”হেলিকপ্টাৰ পৰ্যটন এই ধাৰণাটো একেবাৰে সঠিক ধাৰণা নহয়।”
” মই সন্মত হ’ব নোৱাৰিলে। পৰ্যটনৰ ক্ষেত্ৰত এনেকুৱা পৰিকল্পনা কিয় কৰিব লাগে? হুলস্থুল সৃষ্টি কৰা হেলিকপ্টাৰৰ সৈতে এখন ঠাইৰ শান্তি ব্যাহত কৰাটো পৰ্যটকৰ বাবে কেনেধৰণৰ ‘আকৰ্ষণ’? অনুগ্ৰহ কৰি আমাৰ অৰণ্যসমূহক অকলে এৰি দিয়ক। “
অভিনেত্ৰীগৰাকীৰ টুইটৰ ওপৰত মন্তব্য কৰি বিষয়টোৰ ওপৰত বহুতে মতামত ব্যক্ত কৰে। “পৰ্যটকক আকৰ্ষিত কৰিবলৈ হেলিকপ্টাৰৰ ব্যৱহাৰ পৰিৱেশ আৰু পৰ্যটনৰ মৌলিক নীতিৰ বিপৰীত। আপোনাৰ দয়ালু হৃদয়ৰ বাবে ধন্যবাদ দিয়া মিৰ্জা”
কোনোৱে মন্তব্য কৰিছে, “সকলোৰে হিতাৰ্থে.. অনুগ্ৰহ কৰি না কওঁক…! ইয়ে ইয়াত বাস কৰা জীৱ- জন্তুৰ স্বাস্থ্যৰ জৈৱীয় সম্ভাৱনা আৰু প্ৰজনন কৌশলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব!”
আৰু পঢ়কঃকৃত্ৰিম বান ৰোধিবৰ বাবে মহানগৰীত জিএমচিৰ যুদ্ধকালীন তৎপৰতা