নিউজ ডেস্কঃ ৰাজ্যজুৰি এতিয়াও অব্যাহত আছে বাল্য বিবাহৰ বিৰোধী অভিযান। অভিযান চলি আছে যদিও তাৰ মাজতেই মানুহৰ মাজত সজাগতা সৃষ্টি কৰাও এটা প্ৰধান দায়িত্ব।
ডিব্ৰুগড় প্ৰশাসনৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ সমাজ কল্যাণ বিভাগৰ তত্ত্বাৱধানত আৰু জিলা শিশু সুৰক্ষা গোটৰ সহযোগত বাল্য বিবাহ নিবাৰণ উপলক্ষে এখন প্ৰায় ৩০ মিনিট জোৰা বাটৰ নাট আয়োজন কৰে।
বাটৰ নাটত অংশগ্ৰহণ কৰা অভিনেতা/অভিনেত্ৰী সকলে বাল্য বিবাহৰ কাৰণে শিশুৰ প্ৰতি হোৱা বিভিন্ন নিৰ্যাতন অভিনয়ৰ দ্বাৰা প্ৰদৰ্শন কৰে।

শিশু সুৰক্ষা গোটে আয়োজন কৰা বাটৰ নাট থানা চাৰিআলি পৰা পাঁচআলি লৈকে আৰু লাহোৱালতো অনুষ্ঠিত হয়।
বাল্য বিবাহ প্ৰতিৰোধ কৰা বাটৰ নাট বহু সংখ্যক পথচাৰীয়ে প্ৰত্যক্ষ কৰে আৰু নাটৰ অন্তত প্ৰত্যক্ষ কৰা পুৰুষ আৰু মহিলায়ে নিজৰ মন্তৱ্য আগবঢ়ায় আৰু এনেধৰণৰ সজাগতাৰ শলাগ আগবঢ়োৱাৰ লগতে আৱশ্যকতাৰ বিষয়ে আহ্বান কৰে।

উল্লেখযোগ্য যে, বাটৰ নাটৰ সময়ত ডিব্ৰুগড় জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাস, শিশু সুৰক্ষা বিষয়া সংগীতা দাস, জিলা তথ্য আৰু জনসংযোগ বিষয়া স্নিগ্ধা ৰাণী দাস আৰু সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী সকল উপস্থিত থাকে।
লগতে পঢ়ক – Fact vs Fake: Visual News Verification শীৰ্ষ বিষয়ক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কৰ্মশালা