নিউজ ডেস্কঃ সোমবাৰে Handloom Enforcement Squad ৰ অধিনত ডিব্ৰুগড় নিউ মাৰ্কেটৰ অন্তৰ্গত প্ৰায় ২০ খন দোকানত পাৱাৰলোমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলোৱা হয়।

অভিযানত বহিঃৰাজ্যৰ যন্ত্ৰচালিত তাত শালত বনোৱা ১৬৪৭ খন গামোচা জব্দ কৰে ডিব্ৰুগড় প্ৰশাসনে।

জব্দ হোৱা ১৬৪৭ খন গামোচা ডিব্ৰুগড় প্ৰশাসনে জনোৱা অনুসৰি বজাৰ মূল্য প্ৰায় পাচ লাখ টকা হ’ব।

এই অভিযানৰ নেতৃত্ব দিয়ে ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক শ্ৰী চম্পক শইকীয়াই। লগতে অভিযানত অংশ গ্ৰহন কৰে জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ সঞ্চালক তথা কাৰ্য কৰী পৰিচালক শ্ৰী মতী সোনমনি চৌধুৰী,কৰ বিভাগৰ পৰিদৰ্শক বিনোদ প্ৰসাদ, চক্ৰ পৰিদৰ্শক পল্লৱ শইকীয়া আৰু উপ হস্ততাত বিষয়া প্ৰাঞ্জল গগৈয়ে।আজি এই অভিযানত  কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply