নিউজ ডেস্কঃ ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক জামিন মঞ্জুৰ কৰে। বিগত ৭০ দিন ধৰি ৰাহুল ছেত্ৰী কাৰাগাৰত বন্দী হৈ আছিল। লগতে প্ৰাণজিৎ বৰুৱা আৰু সীমান্ত হাজৰিকা নামৰ ছাত্ৰ দুজনকো আদালতে জামিন প্ৰদান কৰে।
ইপিনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহৰ মুখ্য অধীক্ষক ড° কল্যাণ ভূঞাক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। তেওঁৰ স্থানত প্রায়োগিক ভূতত্ত্ব বিভাগৰ প্রাধ্যাপক ড° দিগন্ত ভূঞাক দায়িত্বত ন্যস্ত কৰা হৈছে।
বিশ্ববিদ্যালয়ৰ এক সূত্ৰই জনোৱামতে, বিশ্ববিদ্যালয়খনলৈ এপ্রিল মাহত আহিবলগীয়া ‘নাক’ৰ দলৰ সৈতে জড়িত থাকিবলগীয়া হৈছে ড° কল্যাণ ভূঞা। যাৰ বাবে তেওঁক আৱাস সমূহৰ মুখ্য অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে।
উল্লখযোগ্য যে, বিগত বৰ্ষৰ ২৭ নম্বেৱৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা হোষ্টেলত আনন্দ শৰ্মা নামৰ এজন ছাত্ৰই ৰেগিঙৰ সন্মুখীন হৈ ছাত্ৰাৱাসটোৰ তৃতীয় মহলাৰ পৰা জাপ দিছিল। যাৰ পৰিপ্ৰেক্ষিতত ৰেগিং কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ছুপাৰ ছিনিয়ৰসহ ছাত্ৰাবাসটোৰ ৬ গৰাকী আৱাসীক গ্ৰেপ্তাৰ কৰিছিল । লগতে বিশ্ববিদ্যালয়খনে বহু ছাত্ৰক ছাত্ৰাবাসটোৰ পৰা বহিষ্কাৰ কৰাৰ উপৰিও কেইবাজনো ছাত্ৰক বিশ্ববিদ্যালয়ৰ পৰা আজীবন বহিষ্কাৰ কৰিছিল।