ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিডত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হয়। নিহত লোক দুজন ৰাজীৱ হাজৰিকা আৰু নয়ীম আহমেদ ৷
৫১ বছৰীয়া ৰাজীৱ হাজৰিকা অ’ এন জি চিৰ অভিযন্তা ৷ তেওঁ বিহুৰ বাবে মুম্বাইৰ পৰা নিজ গৃহলৈ আহিছিল বুলি জানিব পৰা গৈছে ।
আনহাতে তিনিচুকীয়াৰ নইম আহমেদ এজন অধিবক্তা ৷ তেওঁ ক’ভিডত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল আৰু শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷
অসম চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড আইচ’লেইছন ৱাৰ্ডত চিকিৎসাধীন হৈ থকা ৩০ গৰাকী লোকৰ ভিতৰত ১৩ গৰাকীৰ অৱস্থা সংকটজনক।
ইয়াৰে ৭ গৰাকীক অক্সিজেনৰ সহায়ত ক’ভিড আই চি ইউত ৰখা হৈছে । এজনক ভেন্টিলেটৰত ৰখাৰ বিপৰীতে ৩ গৰাকীক অক্সিজেনৰ সহায়ত ক’ভিড আইছ’লেইছন ৱাৰ্ডত ৰখা হৈছে ।
ইফালে ধেমাজিতো প্ৰথমজন কোৰোনা আক্ৰান্তৰ মৃত্যু।
ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন অৱস্হাত মৃত্যু গোগামুখৰ ইলিয়াছ হেমৰম (৫২) নামৰ ব্যক্তিগৰাকীৰ।