নিউজ ডেস্কঃ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলা পৰিবহন বিভাগে গঢ়িছে এক অভিলেখ।

২০২২-২৩ বৰ্ষত জিলাখনৰ পৰিবহন বিভাগে মুঠ ৭০ কোটি ১০ লাখ ৮৩ হাজাৰ ৬৬২ কোটি টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

চহৰখনৰ পৰিবহন বিভাগে যান-বাহন নিয়ম উলংঘা কাৰীৰ পৰা বৃহৎ পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰিছে, বাকীবোৰ ৰাজহ যান বাহন সমূহৰ কৰ হিচাপে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

২০২২-২৩ বৰ্ষত ৰাজহ সংগ্ৰহৰ বাবে চৰকাৰে ৭৮.৫৭ কোটি টকা লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল কিন্তু পৰিবহন বিভাগে সৰ্বমুঠৰ ৮৯.২৩% কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

লক্ষ্য নিৰ্ধাৰণৰ মতে ৰাজহ সংগ্ৰহ কৰিব নোৱাৰিলেও যোৱাটো বৰ্ষতকৈ ১৩ কোটি টকা অধিক কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

ডিব্ৰুগড় জিলা পৰিবহন বিষয়া দেৱজিত দত্তই কয় যে, বিভাগটোৰ বিষয়া সকলে দিনে নিশাই কাম কৰাৰ ফলস্বৰূপে আমি এই ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো।

লগতে, তেওঁ কয় যে, আমি ইতিমধ্যে টাৰগেট সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছো কিন্তু কিছুলোকে জৰিমনা আৰু কৰ সমূহ দিয়া নাই। আমি তেওঁলোকক অতি সোনকালে কৰ সমূহ দিবৰ বাবে জনাইছো।

উল্লেখযোগ্য যে, ২০২১-২২ বৰ্ষত জিলা খনৰ পৰিহন বিভাগে ৫৭.৪৫ কোটি ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। য’ত চৰকাৰে ৬০ কোটি ৰাজহ সংগ্ৰহৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। উক্ত বৰ্ষটো লক্ষ্য নিৰ্ধাৰণৰ হিচাপত মুঠ ৯৫.৭৫% কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক – MasterChef India ত উজলিল অসমৰ নয়নজ্যোতি শইকীয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply