গুৱাহাটীঃ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ দালালসহ কনিষ্ঠ সহায়ক । বুধবাৰে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে দুয়োকে।

গ্ৰেপ্তাৰ কৰা কনিষ্ঠ সহায়কগৰাকী দিতিমণি গগৈ বুলি জানিব পৰা গৈছে। ৭০০ টকা উৎকোচৰ ধন গ্ৰহণ কৰোঁতে হাতেলোটে ধৰা পৰিছিল দিতিমণি। দুৰ্নীতি নিবাৰক শাখাই পংকজ গগৈ নামৰ এজন দালালকো গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে উল্লেখ কৰা মতে, ৰোড টেক্স অফলাইন পৰিশোধৰ বাবে দালাল পংকজ গগৈয়ে ৰাইজৰ পৰা উৎকোচ গ্ৰহণ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply