ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ খোৱাঙৰ সৰগফলা গোঁহাই গাঁৱত মঙলবাৰে পুৱা উদ্ধাৰ মৃত নাহৰফুটুকী।
এঘৰ মানুহৰ গাহৰিৰ গঁড়ালত নাহৰফুটুকীটো শুই থকাত গৃহস্থই প্ৰত্যক্ষ কৰি ওচৰ-চুবুৰীয়াক খবৰ দিয়ে ৷
ইয়াৰ পাচতে মৃত অৱস্থাত নাহৰফুটুকীটো উদ্ধাৰ কৰে স্থানীয় লোকে।
আৰু পঢ়কঃশিৱসাগৰত মাজনিশা জাতীয় সংগঠনৰ নেতাক ঘৰৰ পৰা আটক আৰক্ষীৰ
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নাহৰফুটুকীটো অসুস্থ হৈ খাদ্যৰ সন্ধানত এনেদৰে ওলাই অহাৰ সন্দেহ কৰা হৈছে ।
মৃত বাঘটোৰ দেহৰ বিভিন্ন স্থানত আঘাতৰ চিন থকাৰ লগতে পোকে ধৰা পৰিলক্ষিত হৈছে।
ইয়াৰ পাচতে বন বিভাগক খবৰ দিয়ে স্থানীয় ৰাইজে ।