নিউজ ডেস্কঃ ডিব্ৰুগড় জিলাত প্ৰথম বাৰৰ বাবে একেদিনাই ২৮৮ টা গোচৰৰ ভিতৰত ১৪৮ টা গোচৰ এদিনতে নিস্পত্তিকৰণ কৰে। উপায়ুক্ত কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত হোৱা লোক আদালতত প্ৰথম বাৰৰ বাবে জিলাখনত এক অভিলেখৰ সৃষ্টি হয় ।
লোক আদালতখন ডিব্ৰুগড় জিলা প্ৰশাসনে জিলা আইনী সেৱা কৰ্তৃপক্ষৰ সহযোগত ৰাজহুৱা সেৱা প্ৰদান অধিক কাৰ্যকৰী কৰাৰ লক্ষ্য়ৰে আয়োজন কৰিছিল।
পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা লোক আদালতত অতিৰিক্ত জিলা দণ্ডাধীশ আৰু কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত অভিযোগ সমাধানৰ বাবে বৃহৎ সংখ্যক লোক উপস্থিত হৈছিল। দিনটোত ২৮৮ টা গোচৰৰ ভিতৰত ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ ১০৭ ধাৰাৰ অধীনত ১৪৭ টা গোচৰ নিষ্পত্তি কৰা হয় ।
উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ উপায়ুক্ত আৰু জিলা দণ্ডাধীশ বিশ্বজিৎ পেগুৱে এক বিবৃতিত জৰিয়তে জনাই যে, অদূৰ ভৱিষ্যতে এনে ধৰণৰ আৰু অধিক লোক আদালত ৰখা হ’ব যাতে বকেয়া গোচৰবোৰ দ্ৰুত আৰু সময়সীমাৰ ভিতৰত সমাধান কৰিব পৰা যায়।
লগতে পঢ়ক – সাধাৰণ লোকে আৰক্ষী বিষয়াক সাক্ষাৎ কৰাক লৈ ৰাজ্যত নতুন নিৰ্দেশনা