গুৱাহাটীঃ ডিব্ৰুগড়ৰ আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বোলাৰাম তেৰাঙক বদলি। ডিব্ৰুগড়ৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনীত বাগাৰীয়াৰ চাঞ্চল্যকৰ আত্মহত্যা ঘটনাৰ পিছতে আৰক্ষীৰ গাফিলতি অভিযোগ উত্থাপিত হৈছিল। ভাড়াতীয়া ভাবুকি আৰু নিৰ্যাতন সন্দৰ্ভত আৰক্ষীক দীৰ্ঘদিন ধৰি অভিযোগ দি অহাৰ পাছতো আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বিষয়ে পোহৰলৈ আহিছে।

আনহাতে ডিব্ৰুগড় আৰক্ষী অধীক্ষক, ডিব্ৰুগড় জিলাৰ উপাযুক্ত, আৰক্ষী সঞ্চালক প্ৰধানক অভিযোগ দিয়াৰ পাছতো ন্যায়ৰ পৰা বঞ্চিত হৈ অৱশেষত ৭ জুলাইত এটা ভিডিঅ’ ৰেকৰ্ডিং কৰি আত্মহত্যা কৰিছিল বিনীত বাগাৰীয়াই। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বিনীতৰ বাসগৃহলৈ গৈ আৰক্ষী ব্যথৰ্তা স্বীকাৰ কৰি ক্ষমা খুজিছিল পৰিয়ালবৰ্গক।অৱশেষত ডিব্ৰুগড় সদৰ আৰক্ষী বিষয়া তেৰণক বদলি কৰা লগতে ৰাজু চেত্ৰীক ডিব্ৰুগড় সদৰ আৰক্ষী বিষয়া হিচাপে নিযুক্তি দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply