ডিব্ৰুগড়ঃ কেন্দ্ৰীয় চৰকাৰৰ অন্যতম হঠকাৰী নীতি নতুন পেঞ্চন নীতি বাতিলৰ দাবীত বুধবাৰে ডিব্ৰুগড়ত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে ১২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে। অল ইণ্ডিয়া ৰেলৱমেনচ ফেডাৰেচনৰ (AIRF) আহ্বান মৰ্মে ৰূপায়ন কৰা হয় অনশন ধৰ্মঘট কাৰ্যসূচী।

দেশজোৰা এই ধৰ্মঘটত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নেও তিনিচুকীয়া ডিভিজনৰ নিউ তিনিচুকীয়া, তিনিচুকীয়া, লিডু, ডিব্ৰুগড়, শিমলুগুৰি, মৰিয়নি আৰু ফৰকাটিঙৰ লগতে লামডিং,আগৰতলা, শিলচৰ, ধৰ্মনগৰ, বদৰপুৰ, মালিগাঁও, গোৱালপাৰা, ৰঙিয়া, উত্তৰ লক্ষীমপুৰ, বঙাইগাঁও, আলিপুৰ দুৱাৰ, নিউজলপাইগুৰি, শিলিগুৰি, কাটিহাৰ আৰু মালদা টাউনকে ধৰি মুঠ ৫২টা শাখাই নতুন পেঞ্চন নীতি বাতিলৰ দাবীৰ উপৰিও ভাৰতীয় ৰেল শিল্পৰ দেশৰ লাভজনক উদ্যোগ সমূহ এফালৰপৰা ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ লোৱা জনবিৰোধী হঠকাৰী নীতি প্ৰত্যাহাৰৰ দাবীত ধাৰাবাহিক আন্দোলন চলি আছে বুলি ৰে’ল শ্ৰমিক নেতা সকলে প্ৰকাশ কৰিছে ।

আনহাতে, অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰে’ল শ্ৰমিক নেতা সকলে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি, দেশৰ তৈলক্ষেত্ৰ, কয়লা,বেঙ্ক, এয়াৰ ইণ্ডিয়া, পোষ্টেল এণ্ড টেলিকম আদি লাভজনক উদ্যেগ আৰু সম্পদ সমূহ ব্যক্তিগত খণ্ডৰ হাতত এপদ এপদ কৈ গতাই যোৱা জনবিৰোধী নীতি অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

ৰে’ল শ্ৰমিকে দেশৰ সভ্যতা সংস্কৃতি আৰু অৰ্থনীতিৰ বুনিয়াদ গঢ়ি দেশ সেৱা কৰিছে গোটেই জীৱন, তেনেস্থলত সেই ৰে’ল শ্ৰমিক সকলে অৱসৰৰ পিছত কোনো সামাজিক নিৰাপত্তা নাপাব । তেওঁলোকৰ ভৱিষ্যত ঘোৰ অন্ধকাৰৰ দিশে ঠেলি দিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰে সামাজিক দায়বদ্ধতাক উপহাস কৰি ০১-০১-২০০৪ চনৰ পৰা প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি প্ৰত্যাহাৰ নকৰা পৰ্য্যন্ত এই গণতান্ত্ৰিক আন্দোলন ধাৰাবাহিক ভাৱে চলি থাকিব বুলি সকীয়াই দিছে শ্ৰমিক নেতা গৰাকীয়ে । এই প্ৰতিবাদী কাৰ্যসূচীত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ নেতৃবৰ্গৰ লগতে ডিব্ৰুগড় ডিভিজনৰ বহু কেইজন শ্ৰমিক নেতা উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply