নিউজ ডেস্ক: উত্তৰ-পূৱ-সীমান্তৰ (NFR) ৰেলৱে বিষয়াসকলে যোৱা দেওবাৰে এক আলোচনাত কয় যে,ভাৰতৰ দীঘল ৰেল বিবেক এক্সপ্ৰেছ ৯ খন ৰাজ্যৰ মাজেদি প্ৰায় ৪,১৮৯ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। অসমৰ ডিব্ৰুগড়ৰ পৰা ৰেলখনে যাত্ৰা আৰম্ভ কৰিব বুলিও কয় ৰেলৱে বিষয়াসকলে।
এন.এফ.আৰৰ মুখ্য কাৰ্যবাহী বিষয়া সব্যসাচী দে’ কয় যে- ৰেল কৰ্তৃপক্ষই (ডিব্ৰগড়-কন্যাকুমাৰী) ডিব্ৰুগড় পথত চলি থকা বিবেক এক্সপ্ৰেছ সপ্তাহত দুদিনৰ পৰা চাৰিদিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।
বিবেক এক্সপ্ৰেছ পূৰ্বে কেৱল শনিবাৰে চলিছিল আৰু তাৰ পিছত ডিব্ৰুগড়ৰ পৰা দ্বি-সাপ্তাহিকলৈ বৃদ্ধি হৈছিল। কিন্তু বৰ্তমান ৭ মে’ৰ পৰা সপ্তাহত চাৰিদিন চলিব এই ৰেল। অৰ্থাৎ শনিবাৰে, দেওবাৰে, মঙলবাৰে আৰু বৃহস্পতিবাৰে চলাচল কৰিব।
একেদৰে এতিয়া বৃহস্পতিবাৰে আৰু দেওবাৰে চলি থকা ৰে’লখন (কন্যাকুমাৰী- ডিব্ৰুগড়) বিবেক এক্সপ্ৰেছ প্ৰতি বুধবাৰে, বৃহস্পতিবাৰে, শনিবাৰে আৰু সোমবাৰে ১১ মে’ৰ পৰা চলাব।
৪,১৮৯ কিলোমিটাৰ পথত ৫৯ টা ডবা থকা ৰেলখন ২০১১ চনৰ ১৯ নৱেম্বৰত আৰম্ভ কৰা হৈছিল। উল্লেখ্য যে, যোৱা ১১ বছৰত ৰে’লখনে নিৰন্তৰভাৱে জনসাধাৰণক সেৱা আগবঢ়াই আহিছে। ৰেলখনৰ সময় আৰু ৰখিবলগীয়া ষ্টেচনসমূহো অপৰিৱৰ্তিত থাকিব।