নিউজ ডেস্কঃ ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ উদ্যোগত ৭ এপ্ৰিলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলৈ গৈ আছে যোগ মহোৎসৱ।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনৰ পূৰ্বৰ উদ্‌যাপনৰ উপলক্ষে এই যোগ মহোৎসৱৰ আয়োজন কৰা হৈছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলপথাৰত পুৱা ৬.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব এই মেঘা যোগ মহোৎসৱ।

যোগ মহোৎসৱত মুখ্য অতিথিৰূপে উপস্থিত থাকিব কেন্দ্ৰীয় বন্দৰ, জাহাজ, জল পৰিবহণ আৰু আয়ুস মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

অংশগ্ৰহণৰ বাবে চলি আছে পঞ্জীয়ন প্ৰক্ৰিয়া। বিশ্ববিদ্যালয়ৰ কতৃপক্ষই জনোৱা অনুসৰি এই পৰ্যন্ত লৈকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ২২০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী তথা অধ্যাপক- অধ্যাপিকা আৰু বিষযা-কৰ্মচাৰীয়ে অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰিছে।

লগতে, ডিব্ৰুগড় জিলাৰ মহাবিদ্যালয়ৰ সমূহৰ পৰা ১৪৫০ গৰাকী লোকে অংশ ল’ব। অনুষ্ঠানটোত প্ৰায় ৫ সহস্রাধিক প্রতিনিধিয়ে অংশ ল’ব বুলি জানিব পৰা গৈছে।

অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মেগা যোগ মহোৎসৱত আয়ুস মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী এম মহেন্দ্ৰভাই কালোভাই, কেন্দ্রীয় পেট্ৰ’লিয়াম-প্রাকৃতিক গেছ আৰু শ্ৰম নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰাৰ উপৰি ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা, শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কিষাণ, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্রী চৌনা মেইন, লোকসভাৰ সাংসদ টাপিৰ গাও, অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী আলো লিবাং, সাংসদ, প্ৰদান বৰুৱা, তপন গগৈ আৰু কামাখ্যা প্ৰসাদ, ছিকিমৰ নগৰ উন্নয়ন মন্ত্ৰী বি এল দাস, ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনকে ধৰি মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী বিশেষ অতিথিৰূপে উপস্থিত থাকিব।

লগতে, ডিব্ৰুগড় জিলা ক্রীড়া সন্থা, চি আৰ পি এফকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহস্ৰাধিক প্রতিনিধিয়েও যোগ মহোৎসৱত অংশগ্ৰহণ কৰিব।

লগতে পঢ়ক – কামাখ্যা দেৱীক সন্তুষ্ট কৰিবলৈ আৰু বিশ্ব শান্তিৰ বাবে শক্তিপীঠত নৰবলিৰ ঘটনা !

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply