ডিব্ৰুগড়: উপাচার্য–পঞ্জীয়কৰ সীমাহীন দুর্নীতিয়ে কলংকিত কৰি তোলা ডিব্ৰুগড় বিশ্ববিদ্যালয়ক এইবাৰ লজ্জানত কৰিছে এগৰাকী জ্যেষ্ঠ অধ্যাপকৰ কু–কীর্তিয়ে৷ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ সত্যকাম বৰঠাকুৰৰ বিৰুদ্ধে তেওঁৰে গৱেষিকা শিক্ষাৰ্থী এগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ কমিটীত (Internal Complaints Committee)ত ইতিমধ্যে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ দাখিল কৰিছে। অধ্যাপকগৰাকীৰ অন্য এগৰাকী গৱেষিকা ছাত্ৰী আৰু এগৰাকী মহিলা কৰ্মচাৰীয়ে তেওঁৰ বিৰুদ্ধে আভ্যন্তৰীণ কমিটীত (Internal Complaints Committee)ত সাক্ষ্য দিয়া যৌন শোষণৰ বিষয়টো বৰ্তমানেও কমিটিত বিচাৰাধীন হৈ আছে।

এইগৰাকী অধ্যাপকে পাঁচ বছৰ আগৰে পৰা ৰচি আহিছিল কু–কীর্তিৰ নিত্য নতুন কাৰ্যকলাপ৷ প্রলোভন আৰু ভাবুকিৰ ভয়ত মুখ খোলাৰ পৰা বিৰত আছিল৷ অৱশেষত অধ্যাপক গৰাকীৰ নির্লজ্জ কার্যকলাপে সকলো সীমা অতিক্রম কৰাৰ পাছত তিনিগৰাকীকৈ ছাত্রী আৰু মহিলা কর্মচাৰীয়ে তেওঁৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে আভ্যন্তৰীণ কমিটীত (Internal Complaints Committee)ত অভিযোগ দাখিল কৰিছে৷

অভিযোগ অনুসৰি, যোৱা ১৯ মার্চত ভুক্তভোগী গৱেষিকা ছাত্রীগৰাকীয়ে আভ্যন্তৰীণ কমিটীত অভিযোগ দাখিল কৰাৰ পাছতে আন এগৰাকী ছাত্রী আৰু মহিলা কর্মচাৰীয়েও অধ্যাপক গৰাকীৰ কু–কীর্তিৰ বর্ণনা কমিটীৰ ওচৰত দাখিল কৰে৷ এই ঘটনা গম পাই অধ্যাপকগৰাকীয়ে ধন–সম্পত্তি আৰু সংস্থাপনৰ প্রলোভনেৰে তেওলোকে দিয়া অভিযোগ উঠাই ল’বলৈ হেঁচা দিয়ে যদিও কিন্তু ভুক্তভোগী ছাত্রী দুগৰাকী নিজৰ স্থিতিত অটল হৈ ৰ’ল৷ ইয়াৰ পিছত তেওঁলোকৰ কেৰিয়াৰ শেষ কৰি দিয়া আৰু বদনামী কৰি পেলোৱাৰ ভাবুকি দি ছাত্রীগৰাকীৰ বিৰুদ্ধে নানা কুৎসা ৰটনা আৰম্ভ কৰি নিজ ছাত্রীৰ বিষয়ে নানা মনেসজা কাহিনী ৰচি সেইবোৰ প্রচাৰত নামি পৰে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক গৰাকী৷

ডিব্রুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষই এতিয়াও তিনিগৰাকীকৈ ছাত্রী–মহিলা কর্মচাৰীৰ অভিযোগ সন্দর্ভত যথোচিত ব্যৱস্থা গ্রহণ কৰা নাই৷ উপাচার্য–পঞ্জীয়কৰ বিত্তীয় কেলেংকাৰিয়ে ডিব্রুগড় বিশ্ববিদ্যালয়ক কলংকিত কৰি তোলাৰ পাছত এইবাৰ জ্যেষ্ঠ অধ্যাপকৰ যৌন কেলেংকাৰিয়ে ‘নাহৰৰ দেশ’ হিচাপে পৰিচিত শিক্ষানুষ্ঠানখনত জোকাৰণি তুলিছে৷

ইয়াৰ পূৰ্বেও বিশ্ববিদ্যালয়খনৰ ইতিহাস বিভাগৰ তদানীন্তন মুৰব্বী অধ্যাপকগৰাকীৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ উত্থাপন হৈছিল আৰু বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ কমিটীত (Internal Complaints Committee)ত ভুক্তভোগী শিক্ষাৰ্থীগৰাকীয়ে অভিযোগ দাখিল কৰিছিল।
ইতিহাস বিভাগৰ তদানীন্তন মুৰব্বী অধ্যাপক ডঃ ডম্বৰুধৰ নাথৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ উত্থাপন কৰা ছাত্ৰীগৰাকীয়ে বিগত বছৰ নৱেম্বৰ মাহত সোণাৰী আৰক্ষী থানাতো গোচৰ দিছিল।

আশ্চৰ্য্যজনক ভাবে যৌন শোষণৰ অভিযোগটো বিশ্ববিদ্যালয়ৰ তদানীন্তন আভ্যন্তৰীণ কমিটীত (Internal Complaints Committee)ত বিচাৰাধীন অৱস্থাতে অধ্যাপক ডঃ নাথে স্বাস্থ্যজনিত কাৰণত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি বিশ্ববিদ্যালয়খন ত্যাগ কৰিছিল।
ইয়াৰ পিছতে অধ্যাপক ডঃ ডম্বৰুধৰ নাথক অসম চৰকাৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় উপাচাৰ্য হিচাপে নিযুক্তি দি পুৰস্কৃতহে কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply