নিউজ ডেস্কঃ অৰুণাচলপ্ৰদেশৰ পাছিঘাটত অঘটন। চিয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰ। এনডিআৰএফবিৰ দলে উদ্ধাৰ অভিযান চলাই আছে যদিও বৰ্তমানলৈকে ছাত্ৰ দুজনৰ কোনো সন্ধান লাভ কৰা নাই।
জানিব পৰা মতে, দেওবাৰে চিয়াং নদীত স্নান কৰিবলৈ গৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাঁচজন ছাত্ৰ। ছাত্ৰ কেইজনৰ তিনিজন কোনোমতে পাৰলৈ আহিবলৈ সক্ষম হয় আৰু দুজন নদীত সন্ধানহীন হৈ পৰে। সন্ধানহীন ছাত্ৰ দুজনৰ নাম প্ৰসিদ্ধ সন্দিকৈ আৰু শুভদ্বীপ পাল। ডিব্ৰুগড় জিলাৰ চিৰিং চাপৰিৰ বাসিন্দা প্ৰসিদ্ধ সন্দিকৈ পিজিডিচিএৰ চতুৰ্থ ছেমিষ্টাৰৰ ছাত্ৰ আছিল। আনহাতে শুভদ্বীপ পাল গহপুৰৰ বাসিন্দা আছিল। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিচিএ ষষ্ঠ ছেমিষ্টাৰত অধ্যয়ন কৰি আছিল।