ডিব্ৰুগড় : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা। আত্মহত্যা কৰা ছাত্ৰী গৰাকী লখিমপুৰ জিলাৰ। আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা। বিশ্ববিদ্যালয়খনৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আইদেউ সন্দিকৈ ছাত্ৰী নিৱাসত সংঘটিত হৈছে এই আত্মহত্যাৰ ঘটনা।
লগতে পঢ়ক : জনজাতীকৰণৰ দাবীত উত্তাল সোণাৰি
ছাত্ৰী গৰাকীৰ ঘৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াত বুলি জানিব পৰা গৈছে। ছত্ৰী গৰাকীৰ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।