নিউজ ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি Fact VS Fake: Visual News Verification শীৰ্ষ বিষয়ক লৈ এখন অনলাইন কৰ্মশালা অনুষ্ঠিত হৈ যায়। উক্ত কৰ্মশালাটোত “দ্য লজিকেল ইণ্ডিয়ান” ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা তথ্য পৰীক্ষা বিভাগৰ মুৰব্বী ভাৰত নায়কে অইলান মাধ্যমেৰে ছাত্ৰ-ছাত্ৰী সৈতে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।

ভাৰত নায়কে অনলাইন মাধ্যমৰে ছাত্ৰ-ছাত্ৰী সৈতে কৰ্মশালাত অংশগ্ৰহণ কৰা মুহূত্বত

উক্ত কৰ্মশালাটোত ভাৰত নায়কে সংবাদ মাধ্যমত বহু সময়ত প্ৰচাৰ হোৱা তথ্যবোৰ ভুৱা নে সত্য কেনেদৰে প্ৰমাণ কৰিব পাৰে তাৰ বিষয়ে কৰ্মশালাটোত উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰে।

লগতে নায়কে, বহুকেইটা এনে কাৰ্যপ্ৰণালী তথা ৱেবছাইটৰ কথা কয় যিবোৰ দ্বাৰা সংবাদ মাধ্যমত প্ৰচাৰ হোৱা তথ্য বোৰ পৰীক্ষা কৰিব পাৰে। যাতে, সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতৰ দিনত সাংবাদিকতাৰ পেছাদাৰী কৰ্মত সহায়ক হয়।

কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকল

“যিহেতু ভুৱা বাতৰিয়ে মানুহক প্ৰভাৱিত কৰে আৰু তেওঁলোকৰ বহুতেই তথ্য পৰীক্ষাৰ বিষয়ে সম্পূৰ্ণ অজ্ঞাত হৈ থাকে, গতিকে মই উপলব্ধি কৰোঁ যে সংবাদ মাধ্যম বা সাংবাদিকসকলে তথ্য পৰীক্ষাৰ কৌশলৰ প্ৰশিক্ষণ ল’ব লাগে আৰু ইয়াৰ সৈতে পৰিচিত হ’ব লাগে। তথ্য পৰীক্ষাৰ বাবে উপলব্ধ বিভিন্ন সঁজুলিৰ লগতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে লাভ কৰা ভিডিঅ’, ছবি বা বাৰ্তা কেনেকৈ পৰীক্ষা কৰিব পাৰি সেই বিষয়ে বুজাটো অত্যন্ত গুৰুত্বপূৰ্ণ।” বুলি ভাৰত নায়কে কয়।

উক্ত অনুষ্ঠানটোত অংশগ্ৰহণকাৰীসকলে ভাৰত নায়কৰ পৰা শিকিবলৈ সক্ষম হোৱাৰ লগতে নিজৰ দক্ষতা বৃদ্ধিৰ বাবেও আলোচনা আৰু ব্যৱহাৰিক অনুশীলন কৰাৰ বাবে সুযোগ লাভ কৰে।

ছাত্ৰ-ছাত্ৰীসকলে ভাৰত নায়কৰ সৈতে আলোচনা কৰা মুহূত্বত

উল্লখযোগ্য যে, উক্ত কৰ্মশালাত সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকাকে প্ৰমুখ্য কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্যান্য বিভাগ/কেন্দ্ৰৰ অধ্যাপক তথা সদস্যই অংশগ্ৰহণ কৰে।

লগতে পঢ়ক – তিনিবছৰৰ বিৰতিৰ পিছত IPL ত হোম এণ্ড এৱে ফ্ৰমেটত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply