ডিব্ৰুগড়– বিগত কেইবাবছৰ ধৰি ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্রত কাম কৰি অহা Consumer voice, Delhi আৰু Consumer’s legal protection forum, Assam ডিব্ৰুগড়ৰ চৌকিডিঙিৰ হোটেল ৰেইনব’ ৰিজিছত ‘বিগ ট’বেক’ : টাইনী টাৰ্গেটছ ষ্টাডী’ শীৰ্ষক এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰে।

যুৱপ্ৰজন্মক ধঁপাতৰ ভয়াৱহতাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি সেইয়াই আছিল কৰ্মশালাখনৰ মূল উদ্দেশ্য।

অসম মেডিকেল কলেজৰ সহকাৰী অধ্যাপক তথা প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট, ডিব্ৰুগড়ৰ প্ৰগ্ৰাম সঞ্চালক ডাঃ গায়ত্ৰী গগৈয়ে কৰ্মশালাখন উদ্বোধন কৰে।

উদ্বোধনী ভাষণত ডাঃ গগৈয়ে কয় যে পৌৰ নিগম কৰ্তৃপক্ষ সমূহে ২০১৭ চনৰ ২১ ছেপ্টেম্বৰৰ গৃহ আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ পৰামৰ্শ আৰু ২০১৮ চনৰ ২৮ ছেপ্টেম্বৰৰ মিনিষ্ট্ৰী অৱ হাউছিং এণ্ড আৰবান প’ভাৰ্টী এলিভিয়েশ্যনৰ পৰামৰ্শ ৰূপায়ন কৰিব লাগে, যাতে ধঁপাত বিক্রেতাসকলক অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত সুব্যৱস্থা তথা নিয়ন্ত্ৰণ কৰিব পাৰি।

ধঁপাত বিক্রেতাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰৱৰ্তন ব্যৱস্থাই যুৱপ্ৰজন্মক ধঁপাতৰ প্ৰতি আসক্তি কমোৱাত সহায় কৰিব।

পৌৰ নিগম কৰ্তৃপক্ষই সেইবোৰ দোকানক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে, যিবিলাক দোকানে বিশেষকৈ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰে, যাতে শিশুসকলে সাধাৰণ দোকানৰ পৰা সেই সামগ্ৰীবিলাকৰ সংস্পৰ্শ লাভ নকৰে।

শিক্ষা প্ৰতিষ্ঠানৰ পৰা দূৰত থকা দোকানসমূহক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে বুলিও ডাঃ গগৈয়ে উল্লেখ কৰে।

অনুষ্ঠানত কনজুমাৰ্চ লিগেল প্ৰটেকশ্যন ফ’ৰাম, অসমৰ সচিব তথা অধিবক্তা অজয় হাজৰিকাই শেহতীয়াকৈ অসমৰ তিনিখন চহৰত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰা দোকানসমূহৰ ওপৰত কৰা ‘বিগ ট’বেক’ : টাইনী টাৰ্গেটছ’ শীৰ্ষক সমীক্ষাৰ মূল বিষয়কেইটা আলোকপাত কৰে।

তেওঁ কয় যে অসমত শিক্ষা প্ৰতিষ্ঠানৰ ১০০ গজ দূৰত্বৰ ভিতৰত ৯৭ খন দোকানত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰা বুলি সমীক্ষাত স্পষ্ট হৈছে।

সমীক্ষাটোৰ মতে অসমত ৩৬.০৮ শতাংশ ফিলিপ মৰিছ ইণ্টাৰনেচনেল, ৪.১২ শতাংশ ব্ৰিটিছ আমেৰিকান ধঁপাতজাতীয় সামগ্ৰী আৰু ৯৩.৮১ শতাংশ ইম্পেৰিয়েল ট’বেক’ কোম্পানী অৱ ইণ্ডিয়া লিমিটেডৰ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী হয়, যিটো আটাইতকৈ জনপ্ৰিয় ভাৰতীয় কোম্পানী।

৯৫.৮৮ শতাংশ দোকানত ধঁপাতজাতীয় সামগ্ৰী শিশুৱে দেখা পোৱাকৈ ৰখা হয়। ৭২.১৬ শতাংশ দোকানত চিগাৰেটৰ স্বাস্থ্য সম্বন্ধীয় সতৰ্কীকৰণ জাননী নেদেখাকৈ ৰখা হয়।

শিশুসকল আকৰ্ষিত হোৱাকৈ ৯০.৭২ শতাংশ দোকানত চিগাৰেট চকলেট বা মিঠাইজাতীয় সামগ্ৰীৰ ওচৰত ৰখা হয়। ৮৫.৫৭ শতাংশ দোকানত এটাকৈ চিগাৰেট বিক্ৰী হয়।

উক্ত কৰ্মশালাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ, ডিব্ৰুগড়ৰ জিলা নডেল বিষয়া ডাঃ ৰিক্তম বৰগোঁহাই, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, ডিব্ৰুগড়ৰ জিলা স্বাস্থ্য বিষয়া নিধি দাস, নাৰ্চাৰ ইন্টাৰনেশ্বনেল স্কুল, ডিব্ৰুগড়ৰ অধ্যক্ষ পাপৰি শৰ্মা দত্ত, ডিব্ৰুগড়ৰ ধঁপাতৰ খুচুৰা আৰু পাইকাৰী ব্যৱসায়ী তন্ময় পাটৰ আৰু ৰাজু চৌধুৰী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply