ডিব্ৰুগড়ঃ বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে বিশ্ব স্বাস্থ্য সংস্থাই (WHO) “Go Green” বেনাৰত অনুস্থিত কৰা ফটো প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ডোমৰ দলং স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰই সৰ্বভাৰতীয় পৰ্য্যায়ত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। 

বিশ্ব স্বাস্থ্য সংস্থাৰ উক্ত প্ৰতিযোগিতাৰ মূল বিষয় আছিল ‘পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু তাৰ লগত সংগতি ৰাখি কৰা প্ৰচেষ্টা’।

উক্ত প্ৰতিযোগিতাত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ নতুন অভিযান সঞ্চালিকা ডাঃ এম এছ লক্ষ্মী প্ৰিয়াই ডোমৰ দলং স্বাস্থ্য আৰু কল্যাণ কেন্দ্রৰ সামূহিক স্বাস্থ্য বিষয়া (CHO) কৃষ্ণা প্ৰিয়া বৰুৱা লগতে এএনএম কৰ্মী মিনাক্ষী বৰুৱা, জোনালী বৰগোঁহাই, এমপিডব্লিউ সুৰুজ কুমাৰ দিহিঙীয়া আৰু আশাকৰ্মী ক্ৰমে ববী হাজৰিকা, প্ৰমিলা মিনজ আৰু প্ৰেমলতা ভেংৰাক উচ্চ প্ৰশংসা কৰে।

ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰাজীৱ কুমাৰ বৰুৱাই ডোমৰ দলং স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰক প্ৰশংসা কৰি এইধৰণৰ পদক্ষেপ জিলাখনৰ অন্য স্বাস্থ্যকেন্দ্ৰ সমূহতো কৰাৰ লগতে কায়কল্প কাৰ্যকৰী কৰিবলৈ গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্তব্য কৰে।

লগতে পঢ়কঃযোৰহাটৰ ভোগদৈ দলঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুলী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply