ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ ধলাজান চাহ বাগিচাত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। এটা শিশু হত্যাৰ অভিযোগত উত্তেজিত লোকে এজন লোকক জ্বলাই দিয়াৰ অভিযোগ। এই ঘটনাক লৈ এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে।
সুনীত তাঁতী ওৰফে অভিমন্যু নামৰ অভিযুক্ত জনক জ্বলাই হত্যা কৰাৰ অভিযোগ। উত্তেজিত লোকসকলে
দা, লাঠীৰে আক্ৰমণ কৰাৰ পিছত সুনীতক জ্বলাই দিয়াৰ অভিযোগ। উত্তেজিত লোকসকলে পৰিস্থিতি ভয়াবহ কৰি তোলাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ। আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও পৰিস্থিতি এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply