মৰাণ: আজি ২৪ ঘণ্টীয়া ডিব্ৰুগড় জিলা বন্ধ ।
চৰাইদেউ-ডিব্ৰুগড় সীমা মূৰীয়া মৰাণত জ্বলিল টায়াৰ।
বন্ধৰ প্ৰতি সমৰ্থন জনাই মৰাণত আছু কৰ্মীৰ দ্ধাৰা টায়াৰ জ্বলালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত।
ডিব্ৰু মহাবিদ্যালয়ত ছাত্ৰ একতা সভাত নিৰ্বাচনী সংঘাতত ডিব্ৰুগড় আৰক্ষীয়ে আছু কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান জনাইছে আছুৱে।
আনহাতে ৰাজপথত টায়াৰ জ্বলাই ২৪ ঘণ্টীয়া মৰাণ বন্ধ আহ্বান মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ দ্ধাৰা ।
লগতে পঢ়ক- মৃত্যুৰ ওচৰত হাৰ মানিলে মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰী গৰাকী
আনহাতে সদৌ অসম ছাত্র সন্থাই আহ্বান জনোৱা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে মাৰ্ঘেৰিটাত । আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা চহৰৰ ঠাইয়ে ঠাইয়ে টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰা দেখা গল ৷ ডিব্ৰুগড়ৰ আৰক্ষীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যক আটক কৰা আৰু নিৰ্মম প্ৰহাৰ কৰাৰ প্ৰতিবাদত তিনিচুকীয়া , ডিব্রুগড় জিলা বন্ধ আহ্বান জনাইছিল সংগঠনটোৱে ।