ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা। আৰক্ষী স্বামীয়ে ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা কৰিলে পত্নীক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত হত্যাকাৰী স্বামী বিকি চেতিয়াক। ডিব্ৰুগড় আৰক্ষী ছাউনীত সংঘটিত হৈছে এই ঘটনা। নিশা প্ৰায় ১ বজাত এই হত্যাকাণ্ড সংঘটিত কৰে বিকি চেতিয়াই।

আৰক্ষী থানাৰ কনিষ্টবল বিকি চেতিয়াই থানাৰ চৌহদতে পত্নী জয়শ্ৰী চেতীয়াক নিজৰ চাৰ্ভিছ কাৰ্বাইন বন্দুকেৰে গুলিয়াই হত্যা কৰে । ২৯ বছৰীয়া জয়শ্ৰীক লগে লগে অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল যদিও পথতে মৃত্যু ঘটে । কনিষ্টবলজনে কিয় পত্নীক হত্যা কৰিলে সেয়া আৰক্ষীয়ে ব্যক্ত কৰা নাই ।

ডিব্ৰুগড় বিদেশী ন্যায়ধীকৰণৰ এগৰাকী সদস্যৰ দেহৰক্ষী হিচাপে কৰ্মৰত বিকীক নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মাজনিশা প্ৰায় ১ বজাত প্ৰতিৱেশীয়ে দুবাৰকৈ গুলীৰ শব্দ শুনিছিল বিকিৰ কোৱাৰ্টাৰৰ পৰা। ঘটনাস্থলীৰ পৰা আৰক্ষী কনিষ্টবল বিকীৰ পৰা কাৰ্বাইন বন্দুকসহ দুটা খালী কাৰ্টিজ উদ্ধাৰ কৰি তেওঁলোকৰ আৱাসটো চীল কৰি দিয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে।

আৰক্ষীয়ে ডিব্ৰুগড় সদৰ থানাত এক গোচৰ (নং 161/2022 u/s 302 IPC read with section 27(1) Arms Act) ৰুজু কৰি অভিযুক্ত আৰক্ষী জোৱানজনক গ্ৰেপ্তাৰ কৰি তদন্ত চলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply