কোৰোণা পৰিস্থিতিৰ দোহাই দি ছাত্ৰ-ছাত্ৰীক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জাল কৰি জাননী উলিয়াই জালত পৰিল এজন যুৱক ।
যুৱকজনে যোৱা ৬ আৰু ২০ এপ্ৰিলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ পৰীক্ষা বাতিল কৰা হ’ল বুলি পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জাল কৰি ভুৱা নিৰ্দেশনা উলিয়াইছিল। যাৰ বাবে বিশ্ববিদ্যালয়ৰ লগতে প্ৰায় দুই শতাধিক মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীসকল বিপাঙত পৰিছিল।
গ্ৰেপ্তাৰ কৰা যুৱকজন হ’ল লক্ষ্য বিকাশ গগৈ । অভিযুক্ত যুৱকজনৰ ঘৰ তিনিচুকীয়াত । আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয় কতৃপক্ষই যোৱা ২০ এপ্ৰিলতে ঘটনা সন্দৰ্ভত গোচৰ তৰিছিল আৰক্ষী চকীত।
ইয়াৰ পিছতে অভিযান আৰম্ভ কৰি শনিবাৰে ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি/৪১৯/৪৬৮/৪৭১/১৯৮ ধাৰা অধীনত ৮৪৬/২১ গোচৰৰ ভিত্তিত তিনিচুকীয়া জিলাৰ পানীতোলা লাইপুলি কদমনি গাওঁৰ লক্ষ্য বিকাশ গগৈক গ্ৰেপ্তাৰ কৰা লগতে এটা ম’বাইল জব্দ কৰিছে।