ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীয়ে নিযুক্তি প্ৰদান কৰিলে ড০ জিতেন হাজৰিকাক।
বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক হিচাপে দায়িত্ব পালন কৰি আছিল ড০ হাজৰিকাই। ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে এক পত্ৰৰ জৰিয়তে ড০ হাজৰিকাৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰিছে।
উল্লেখ্য যে ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য ড০ লীলাকান্ত নাথে।
উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰঞ্জিত তামুলীক সীমাহীন দুৰ্নীতিৰ অভিযোগত অপসাৰণ কৰাৰ পাছত ড০ লীলাকান্ত নাথক উপাচাৰ্যৰ দায়িত্ব দিয়া হৈছিল।