ডিব্ৰুগড় : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভাৰ নিৰ্বাচনত সভাপতি পদত পৱন গগৈ আৰু সাধাৰণ সম্পাদকৰ পদত হিমালয় বাৰিকৰ জয়লাভ কৰে।
স্নাতকোত্তৰ ছাত্র একতা সভাৰ নিৰ্বাচনৰ মুঠ ১৮ টা পদৰ বাবে ৩৫ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।সভাপতি পদত ধৃতিষা গগৈয়ে ১৬১৪টা ভোট লাভ কৰা বিপৰীতে পৱন গগৈয়ে ১৬৭০টা ভোট লাভ কৰি জয়লাভ কৰে। আৰু সাধাৰণ সম্পাদক পদত  লব্ধপ্ৰতিম দাসে ১৬০৮টা ভোট লাভ কৰা বিপৰীতে হিমালয় বাৰিকে ১৬৭৮ টা ভোট লাভ কৰি জয়লাভ কৰে।আনহাতে উপসভাপতি পদত বিশাল কুমাৰ শৰ্মাই ১৩৮৩টা ভোট লাভ কৰা বিপৰীতে লক্ষীনন্দন টায়ে ১৩৯৫টা ভোট লাভ কৰি জয়লাভ কৰে।নিশাৰ ভাগত নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ লগে লগে বিশ্ববিদ্যালয় চৌহদত এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয়।

আৰু পঢ়কঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ কুচনীমাৰাত ধুমুহাৰ তাণ্ডৱ

অনান্য বিজয়ীসকল হ’ল সহকাৰী সাধাৰণ সম্পাদক- পাৰ্থজ্যোতি বৰুৱা, আলোচনী সম্পাদক- সপোন বৰুৱা, সংগীত সম্পাদক- প্ৰিনছেং ছিছেন সিংফু, সাংস্কৃতিক সম্পাদক- দেবপ্ৰতীম বৰা।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৩ বাৰকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰিও অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷ বহু বাদ-বিসম্বাদ, ছাত্ৰ আন্দোলন আদিৰ বাবে বিশ্ববিদ্যালয়খনৰ সাধাৰণ নিৰ্বাচন নিৰ্ধাৰিত দিনত অনুষ্ঠিত হোৱা নাছিল ৷ ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত নহৈ এইবাৰ ২০২০-২০২১ বৰ্ষৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ল ।

ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ধামখুমীয়াৰ পাছতেই অনুষ্ঠিত হোৱা উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত মুঠ ১৮ টা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৩৫ গৰাকী প্ৰতিদ্বন্দ্বী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত এইবাৰ মুঠ ভোটাৰ আছিল ৪,৬১৫ গৰাকী ৷ ইয়াৰে ৩,৩৩৮ জন ভোটাৰে ভোটদান কৰিছিল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply