ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক সত্যকাম বৰঠাকুৰক অপসাৰণ কৰা হৈছে চেন্টাৰ ফৰ ষ্টাডিচ ইন জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেচনৰ অধ্যক্ষ পদৰ পৰা । তেওঁৰ ঠাইত অধ্যাপক পি কে গগৈক ৪ বছৰৰ কাৰণে নিযুক্তি দিয়া হৈছে উক্ত পদবীত ।
বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰো অধ্যাপক ড০ সত্যকাম বৰঠাকুৰৰ বিৰুদ্ধে তেওঁৰে গৱেষিকা শিক্ষাৰ্থী এগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ কমিটীত (Internal Complaints Committee)ত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ দাখিল কৰিছিল।

অধ্যাপকগৰাকীৰ অন্য এগৰাকী গৱেষিকা ছাত্ৰী আৰু এগৰাকী মহিলা কৰ্মচাৰীয়ে তেওঁৰ বিৰুদ্ধে আভ্যন্তৰীণ কমিটীত (Internal Complaints Committee)ত সাক্ষ্য দিয়া যৌন নিৰ্যাতনৰ বিষয়টো কমিটিয়ে তদন্ত কৰিছিল।
ইয়াৰ পিছতেই এই সিদ্ধান্ত লয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
অসমীয়া বিভাগৰ অধ্যাপক তথা সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ সঞ্চালকৰ দায়িত্বত থকা ড০ সত্যকাম বৰঠাকুৰৰ এনে কু–কীর্তি পোহৰলৈ অহাৰ লগে লগে বিশ্ববিদ্যালয়ৰ শৈক্ষিক মহলত সৃষ্টি হৈছে তীব্র আলোডনৰ৷ আনহাতে, বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ তদন্ত কমিটীৰ প্রতিবেদন দাখিল কৰাৰ পিছতো ৰহস্যজনকভাৱে ডিব্রুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষ নির্বিকাৰ হৈ থকাৰ লগতে শাস্তিমূলক ব্যৱস্থাস্বৰূপে মাথোঁ সাংবাদিকতা আৰু গণমাধ্যমৰ দায়িত্বৰ পৰাহে অব্যাহতি দিছে৷
আনহাতে, তেওঁৰ অধীনত গৱেষণা কৰি থকা অভিযোগকাৰী ছাত্রী তিনিগৰাকীকো তেওঁৰ পৰিৱর্তে আন অধ্যাপকৰ অধীনত গৱেষণা কৰাৰ বাবে নির্দেশনা দিছে৷ অধ্যাপকগৰাকীয়ে তেওঁৰ অধীনত গৱেষণা কৰা এগৰাকী ছাত্রীক দীর্ঘদিন অশালীন প্রস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছিল৷