গুৱাহাটীঃ অসমত এনকাউণ্টাৰৰ নামত মুকলি হত্যাকাণ্ড সংঘটিত হৈ আছে। এনকাউণ্টাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা অসমত মানৱ অধিকাৰ উলংঘনৰ শ শ ঘটনা সংঘটিত হৈছে।

অসম আৰক্ষীৰ এটা অংশই কেৱল সন্দেহযুক্ত অপৰাধীকে নহয়, নিৰীহ লোককো কোনো দোষ নোহোৱাকৈ শাস্তি প্ৰদান কৰি আছে। তদুপৰি এনেদৰে, ৰাজ্যৰ ৰাজপথত সাধাৰণ লোকক অত্যাচাৰ কৰি এক বিশৃংখল পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰা হৈছে বুলিও কয় অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই।

আনহাতে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰততে আছে তাৰপিছতো ৰাজ্যত এনে অমানৱীয় কাৰ্য কেৱল মানৱ অধিকাৰৰেই উলংঘন নহয়, মৌলিক অধিকাৰৰো উলংঘন বুলি কয় ড০ দিব্যজ্যোতি শইকীয়াই। উল্লেখ্য যে ড০ শইকীয়াই অসমৰ এনকাউণ্টাৰ সন্দৰ্ভত ভাৰতৰ মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ ওচৰত এখন অভিযোগ পত্ৰ দাখিল কৰিছে।

লগতে পঢ়কঃগুৱাহাটী বাসীৰ সমস্যাক লৈ চলোৱা এক চৰজমিন তদন্তত ওলাল আচল ৰূপ

এনকাউণ্টাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈয়ে ইতিমধ্যে অভিযোগ কৰিছে যে বিজেপি চৰকাৰে ভুৱা এনকাউণ্টাৰৰ জৰিয়তে অসমত মুকলি হত্যাকাণ্ড চলাইছে। বিধায়ক অখিল গগৈয়ে কয়, “কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা বিজেপিয়ে সমগ্ৰ ৰাজ্যতে ভুৱা এনকাউণ্টাৰৰ জৰিয়তে মুকলি হত্যাত লিপ্ত হৈছে। এই ভুৱা এনকাউণ্টাৰত এতিয়ালৈকে কমেও ৪৩ জন লোক নিহত হৈছে।”

অখিল গগৈয়ে সূৰজ গগৈৰ এনকাউণ্টাৰ সন্দৰ্ভত কয় এইটোও এটা ভুৱা সংঘৰ্ষ। সূৰজ গগৈৰ পৰিয়ালৰ সদস্যসকলৰ মতে সেনাই আলফা (স্বাধীন)ৰ লিংকমেন বুলি নি সূৰজ গগৈক আৰক্ষীক গতাই দিছিল।আৰক্ষীৰ জিম্মাত, তেওঁক ইমৰান হুছেইন নামৰ এজন উপ-পৰিদৰ্শকে পইণ্ট-ব্লেংক ৰেঞ্জৰ পৰা গুলীচালনা কৰিছিল।

অখিল গগৈয়ে লগতে কয় যে বিজেপিয়ে অসমত গণতন্ত্ৰক হত্যা কৰিছে আৰু এনে লাগে যেন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সকলো, য’ত ন্যায়পালিকাৰ কোনো প্ৰয়োজন নাই। মুখ্যমন্ত্ৰী এতিয়া নিজেই হৈ পৰিছে আদালত, আৰক্ষী আৰু ন্যায়াধীশ। তেওঁ যি বিচাৰে তাকে কৰিব পাৰে। চৰকাৰে নিজৰ বিফলতা লুকুৱাবলৈ প্ৰকৃত বিষয়বোৰৰ পৰা মানুহক বিচলিত কৰিবলৈ চেষ্টা কৰি আছে, যাতে কোনেও তেওঁলোকক প্ৰশ্ন সুধিবলৈ সাহস নকৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply