শিৱসাগৰ : পূৰ্বৰ নাও দুৰ্ঘটনাৰ পৰা শিক্ষা নলয় ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। বিভাগটোৰ উন্নয়নৰ নামত কোটি কোটি টকা আঁচনি আবন্টন দিয়া হয় যদিও বিভাগটোৰ কৰ্মচাৰীৰ কামৰ নমুনাৰ ফলত বিভাগটোৰ অৱস্থা দিনক দিনে শোচনীয় হৈ পৰিছে। ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোৰ দুৰৱস্থাৰ কথা বৰ্ণনা কৰে শিৱসাগৰ জিলাৰ দিচাংমুখ ফেৰী ঘাটে।
শিৱসাগৰ জিলাৰ দিচাংমুখস্থিত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যালয় আৰু ফেৰী ঘাটৰ অৱস্থা দেখিলেই সহজে বুজিব পাৰি যে প্ৰকৃততে এই বিভাগটোত কেনেদৰে চলি আছে। জৰাজীৰ্ণ কাৰ্যালয়, ফেৰী ঘাট আৰু ফেৰীৰ অৱস্থা দেখিলে স্পষ্ট হৈ পৰে বিভাগৰ ফোঁপোলা স্বৰূপ।
দিচাংমুখ আভ্যন্তৰীণ জল পৰিবহণ বিভাগত আছে মুঠ ৭৩ গৰাকী কৰ্মচাৰী। এই ৭৩ গৰাকীৰ ৪৬ গৰাকী স্থায়ী কৰ্মচাৰী আৰু ২৭ গৰাকী মাষ্টাৰ ৰোলৰ কৰ্মচাৰী। এই ৭৩ গৰাকী কৰ্মচাৰীৰ দৰমহাৰ নামত ৰাজ্য চৰকাৰে প্ৰতিমাহে ব্যয় কৰি আছে প্ৰায় ৩০ লাখ টকা। কিন্ত এই সকলৰ কৰ্মচাৰীৰ বিৰুদ্ধে কাৰ্যালয়ত থকাৰ পৰিবৰ্তে ঘৰত থাকি সময় কটাই দৰমহা খাই থকাৰ অভিযোগ।
দিচাংমুখ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী সকলৰ অধিক সংখ্যক কৰ্মচাৰীয়ে মাহৰ পিছত মাহ ধৰি কাৰ্যালয়লৈ অহাৰ পৰিবৰ্তে ঘৰতে বহি দিন কটায়। দুই এজনে কাৰ্যালয়ত আহে যদিও এই দুই এজন কৰ্মচাৰীয়ে কাৰ্যালয়ত উপস্থিত হয় দিনৰ ১২ বজাৰ পিছতে। আনকি নিমাতিঘাটৰ ভয়াবহ ফেৰী দুৰ্ঘটনাৰ পিছতো দিচাংমুখ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী কার্যলায়ত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে।
দিচাংমুখ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হোৱা দুই এজন কৰ্মচাৰীয়ে দিচাংমুখৰ পৰা মাতমৰা-টেকেলীফুটা ঘাটলৈ চলা ফূৰী সমূহৰ পৰ্যৱেক্ষণ আৰু সুৰক্ষা নিশ্চিত কৰিয়ে নিজৰ দায়িত্ব সামৰি বহি থাকে। এৰিয়া প্ৰশ্ন হয় এই সামান্য কামৰ বাবে ৭৩ গৰাকীকৈ কৰ্মচাৰীৰ প্ৰয়োজন ক’ত? কাৰ্যালয়টোৰ অধীনত চলা ফেৰীত দেখিবলৈ পোৱা নাযায় কোনো ধৰণৰ সুৰক্ষা সামগ্ৰী। মাত্ৰ দহটা লাইফ জেকেটলৈ চলিছে ফেৰী।
লগতে পঢ়ক : অত্যাধিক বোজা কঢ়িওৱা ট্ৰাকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে হোজাই পৰিবহণ বিভাগে
উল্লেখ্য যে দিচাংমুখত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ মাত্ৰ এখন নিজাববীয়া নাও আছে যদিও বিভাগটোৱে যাত্ৰী নোহোৱাৰ আজুহাতত এই নাওখন ব্যৱহাৰ নকৰি পেলাই থৈছে। কেৱল মাত্ৰ এজন লেচীক দি থোৱা ফেৰীৰ চোৱাচিতা কৰে কাৰ্যালয়টোত থকা ৭৩ গৰাকী কৰ্মচাৰীয়ে। দিচাংমুখ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ এই অৱস্থা মাত্ৰ এটা উদাহৰণহে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই কামৰ নমুনা ৰাজ্যজুৰি সহজলভ্য।